নগাঁৱত আৰক্ষীৰ পৰিত্যক্ত গ্ৰেণেড বিস্ফোৰণত আহত চাৰি কিশোৰ - Nagaon Police
🎬 Watch Now: Feature Video
Published : Jan 12, 2024, 9:04 PM IST
নগাঁও, 12 জানুৱাৰী: নগাঁৱৰ কন্দলীত গ্ৰেণেড বিস্ফোৰণৰ ঘটনা ৷ বিস্ফোৰণত আহত হয় চাৰিজন কিশোৰ ৷ কন্দলীস্থ আৰক্ষীৰ ফায়াৰিং ফিল্ডত সংঘটিত হয় বিস্ফোৰণটো ।
উল্লেখ্য যে শুকুৰবাৰে ফায়াৰিং ফিল্ডখনত খালী কাৰ্টিজ বিচাৰিবলৈ গৈছিল কিশোৰকেইটা ৷ সেই সময়তে আৰক্ষীয়ে ব্যৱহাৰ কৰা এটা পৰিত্যক্ত গ্ৰেণেডত ভৰি লগাৰ পিচতে বিস্ফোৰণটো সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ বোমাটো বিস্ফোৰণৰ ফলত গুৰুতৰভাৱে আহত হোৱা কিশোৰকেইটা ক্ৰমে মংগলেশ্বৰ চাওতাল, ৰঞ্জু মোদী, নিতুমণি গগৈ আৰু বিকাশ চাওতাল ৷
আহত কিশোৰকেইটাৰ ভিতৰত গুৰুতৰভাৱে আহত কিশোৰকেইটাক নগাঁও মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে । উল্লেখ্য যে আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ আশে-পাশে থকা লোকসকল মাজে-সময়ে এনেধৰণৰ ঘটনাৰ সন্মুখীন হ’বলগীয়া হয় যদিও প্ৰশিক্ষণ কেন্দ্ৰসমূহত ব্যৱহৃত অস্ত্ৰ-সস্ত্ৰসমূহ ব্যৱহাৰত আৰক্ষী সতৰ্ক হোৱা দেখা নাযায় ৷
যাৰ পৰিণতিত আৰক্ষীৰ ভুলৰ বাবেই শনিবাৰে চাৰিটাকৈ কিশোৰ গ্ৰেণেড বিস্ফোৰণত আঘাতপ্ৰাপ্ত হ’বলগীয়া হ’ল ৷
লগতে পঢ়ক: আইচেং অসমৰ নেতৃত্বত সংঘটিত হৈছিল যোৰহাটৰ গ্ৰেণেড বিস্ফোৰণ : আৰক্ষী