4 Get Life Sentence for Murder: বিলাসীপাৰা মহকুমা আদালতৰ ৰায়দান; হত্যাকাণ্ডৰে জড়িত 4 অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড - বিলাসীপাৰা মহকুমা আদালত
🎬 Watch Now: Feature Video
ধুবুৰী, 1 জুলাই: বিলাসীপাৰা মহকুমা আদালতৰ ঐতিহাসিক ৰায়দান ৷ 2005 চনত হত্যাকাণ্ডৰে জড়িত 4 অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান ৷ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মুকুল চেতিয়াই প্ৰদান কৰে এই ঐতিহাসিক ৰায়দান ৷
সুদীৰ্ঘ 18 বছৰৰ পিছত আদালতে ন্যায় প্ৰদান কৰিলে হত্যাৰ বলি হোৱা এটা পৰিয়ালক ৷ বিলাসীপাৰা মহকুমাৰ চাপৰ থানাৰ অন্তৰ্গত ডাউৱাগুৰি গাঁৱত 2005 চনত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা ৷ গাঁওখনৰ বাসিন্দা ৰফিকুল আলীৰ ঘৰত চাৰিজনীয়া দুৰ্বৃত্তৰ দলে অনাধিকাৰ প্ৰবেশ কৰি ৰফিকুল আৰু তেওঁৰ পত্নীক মাৰপিট কৰে ৷ তেনে সময়তে ৰফিকুল আলীৰ জ্যেষ্ঠ ভাতৃ জনাব আলীয়ে চিঞৰ-বাখৰ কৰি দুৰ্বৃত্তৰ দলটোক বাধা প্ৰদান কৰাত জনাব আলীকো দলটোৱে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে ৷
পৰৱৰ্তী সময়ত এই ঘটনাৰ বিৰুদ্ধে জনাব আলীৰ পৰিয়ালৰ লোকে চাপৰ আৰক্ষী থানাত এটা গোচৰ তৰে ৷ সেই অনুসৰি আৰক্ষীয়ে 126/2005 নম্বৰত আৰু 458/302/323/34 ধাৰাত এটা গোচৰ ৰুজু কৰি 4 টা অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোত লৈ প্ৰেৰণ কৰিছিল ৷ পিচত বিলাসীপাৰা মহকুমা আদালতত ছেচন কেচ নম্বৰ 211/11 মতে ন্যায়াধীশে শুনানি গ্ৰহণ কৰি শুকুৰবাৰে চূড়ান্ত ৰায়দান কৰে ৷
অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মুকুল চেতিয়াৰ বিচাৰপীঠে অভিযুক্ত ৰমজান আলী, কুৰাণ আলী, ওমৰ আলী, ইয়াছিন আলীক এই ঘটনাত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহে ৷ সুদীৰ্ঘ 18 বছৰ পিছত ন্যায় লাভ কৰা এই ঘটনাত দুৰ্ভগীয়া পৰিয়ালটোৱে সন্তুষ্টি প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক: Congress Press Meet in Nalbari:ঘগ্ৰাপাৰৰ ঘটনাক কঠোৰ ভাষাৰে সমালোচনা কংগ্ৰেছৰ