MPNA: ফিল'বাৰীত একেদিনাই তিনিটাকৈ পথৰ আধাৰশিলা স্থাপন বিধায়কৰ

By

Published : May 8, 2023, 1:56 PM IST

thumbnail

তিনিচুকীয়া, ৮ মে': তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাই দেওবাৰে ফিল'বাৰী অঞ্চলত একেদিনাই তিনিটাকৈ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে (Foundation stone of road at Phillobari)। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত তিনিচুকীয়া, ডুমডুমা আৰু শদিয়া পথ সংমণ্ডলৰ দ্বাৰা মুখ্যমন্ত্ৰী পথ পকীকৰণ আঁচনিৰ অধীনত কৃষ্ণপুৰ গাঁৱৰ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয় (Foundation stone of road by MLA  Rupesh Gowala)। আনহাতে, কাকজান মধ্য ইংৰাজী বিদ্যালয়ৰ পথৰ পৰা পিঠাগুটি গাঁও হৈ নাজিৰাটিং প্ৰাৰ্থমিক বিদ্যালয়লৈকে কিছুদিনৰ ভিতৰতেই পথ নিৰ্মাণ কৰা হ'ব বুলি বিধায়ক ৰূপেশ গোৱালাই উল্লেখ কৰে ।  

এই দুয়োটা পথ নিৰ্মাণৰ বাবে ৪ কোটি ১৪ লাখ ৩১ হাজাৰ টকা ধাৰ্য কৰা হৈছে (Mukhyamantrir Pakipath Nirman Achani)। ইফালে, ১ কোটি ২ লাখ ২৯ হাজাৰ টকা ব্যয় সাপেক্ষে ৰংপুৰ গাঁৱৰ পথ নিৰ্মাণৰ বাবে বিধায়ক ৰূপেশ গোৱালাই আধাৰশিলা স্থাপন কৰে । ডুমডুমা-ফিল'বাৰী পথৰ বৰ্ণিল একাডেমীৰ সন্মূখৰ পৰা ফিল'বাৰী তিনিআলিলৈকে আৰু ফিল'বাৰী তিনিআলিৰ পৰা পদুমপথাৰ গাঁৱলৈকে সংযোগ কৰা পথৰ মেৰামতিৰ বাবেও একেদিনাই আধাৰশিলা স্থাপন কৰে ।  

লগতে পঢ়ক:DYFI against overlapping in ADR: নিযুক্তি পত্ৰ বিতৰণৰ পূৰ্বে অভাৰলেপিঙৰ সমস্যা সমাধানৰ দাবী

TAGGED:

MPNA

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.