Swachh Bharat Scheme:চাবুৱাত স্বচ্ছ ভাৰত আঁচনিৰ বিপৰীত ছবিয়ে কঢ়িয়াই আনিছে ভাবুকি - People angry against MLA Ponakon Baruah

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 5:00 PM IST

মৰাণ, ২৬ ছেপ্টেম্বৰ :কেন্দ্রীয় চৰকাৰে সমগ্ৰ দেশতে স্বচ্ছ ভাৰত আঁচনি ৰূপায়ণ কৰিছে । এই আঁচনিখনৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰ সমূহে অধিক পৰিমাণে ধনো খৰচ কৰিছে । তেনে সময়ত ডিব্ৰুগড় জিলাৰ চাবুৱা চহৰত ধোঁৱাচাঙত উঠিছে স্বচ্ছ ভাৰত আঁচনি । চাবুৱাৰ এম ই এছ তিনিআলিত সৃষ্টি হোৱা জাবৰৰ দমে জন জীৱনলৈ কঢ়িয়াই আনিছে ভাবুকি ।  

অস্বাস্থ্যকৰ পৰিবেশত এতিয়া মুখত কাপোৰ বা ৰুমাল দি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে যাতায়াত কৰিব লগীয়া হৈছে । পৌৰসভা এলেকাতে বছৰৰ পাছত বছৰ জাবৰৰ দম পৰিষ্কাৰ নকৰাৰ ফলতে এইদৰে চাবুৱাৰ এম ই এছ তিনিআলিত অস্বাস্থ্যকৰ পৰিবেশ সৃষ্টি হৈছে । পৌৰসভা উন্নয়ন বাবে চৰকাৰে বৃহৎ পৰিমাণৰ পুঁজি মোকলাই দিয়াৰ পাচতো চাবুৱাৰ পৌৰসভাই কোনোধৰণৰ উন্নয়নমূলক কাম নকৰাত ক্ষোভ প্ৰকাশ ৰাইজৰ । লগতে অতি ব্যস্ততাপূৰ্ণ পথচোৱাত এইদৰে অস্বাস্থ্যকৰ ৰূপ হোৱাৰ পাছতো চাবুৱাৰ স্থানীয় প্ৰশাসনৰ লগতে বিধায়ক পোনাকণ বৰুৱাই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ উজাৰিছে ৰাইজে ।  

লগতে পঢ়ক:Assam Official Language Act 1960: ১৯৬০ চনৰ চৰকাৰী ভাষা প্ৰয়োগ আইন ৰূপায়নৰ নামত প্ৰহসন !

For All Latest Updates

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.