মেৰাপানীত ভদীয়া বানৰ তাণ্ডৱ

By

Published : Sep 13, 2022, 5:03 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail
ৰাজ্যত ভদীয়া বানৰ তাণ্ডৱ অব্যাহত আছে (Flood affects Assam)। বিভিন্ন জিলাত বানে ভয়ংকৰ ৰূপ লৈছে । গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্ততো বানে কালৰূপ ধাৰণ কৰিছে । চুবুৰীয়া নগা পাহাৰত হোৱা মুষলধাৰ বৰষুণৰ ফলত ঘিলাধাৰী, মেৰানৈ আদিৰ বাঢ়নী পানীয়ে মেৰাপানী অঞ্চলৰ কেইবাখনো গাঁও প্লাৱিত কৰিছে (Flood in Golaghat)। বানপানীৰ ফলত অঞ্চলটোৰ চাউদাংপথাৰ, তৰাণিচুক, ৰূপালীচুক, পুলিবাগান আদি গাঁও জলমগ্ন হোৱাৰ লগতে কেইবা ঠাইত মথাউৰি ছিগি যোৱাৰ তথ্য পোহৰলৈ আহিছে । সমান্তৰালকৈ এই বানৰ ফলত বহু লোক ক্ষতিগ্ৰস্ত হৈছে । অঞ্চলটোৰ কৃৃষিভূমি, পুখুৰী আদি পানীত বুৰ যোৱাৰ ফলত কৃষকসকল সমস্যাৰ সন্মুখীন হৈছে । ইফালে বানে পেলোৱা পলসত পোত গ'ল বহু লোকৰ ঘৰ আৰু কৃষিভূমি ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.