thumbnail

By

Published : Sep 13, 2022, 8:40 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / Videos

বকোত বন্যহস্তীৰ তাণ্ডৱ: গুৰুত্ব দিয়া নাই বন বিভাগে

বকোৰ হাহিম বাকাৰাপাৰাত এজাক বনৰীয়া হাতীৰ বিচৰণ (Wilf elephant at Boko)। খাদ্যৰ সন্ধানত জনবসতিপূৰ্ণ এলেকাত প্ৰৱেশ হাতীৰ জাকটোৰ । জাকটোত পোৱালীসহ আছে প্ৰায় ৩০টা হাতী । হাতীৰ জাকটোয়ে অঞ্চলটোৰ পটো ৰাভাৰ উদ্যান শস্যৰ বাগানত চলালে উপদ্ৰৱ । এই উপদ্ৰৱত প্ৰায় দুশ জোপা অমিতা গছৰ ক্ষতিসাধন কৰে বন্যহস্তীয়ে । তিনিদিন ধৰি হাহিম শামুকা, বাকাৰাপাৰা অঞ্চলটোত বিচৰণ কৰা হাতীৰ জাকটোয়ে বহু লোকৰ গছ-গছনি ভাঙি চলাই গৈছে তাণ্ডৱ । সমীপৰ হাহিম বন সংমণ্ডলৰ কাৰ্যালয়ত(Hahim forest office) খবৰ দিয়াৰ পাছতো উপস্থিত হোৱা নাই বন বিষয়া-কৰ্মী । ইফালে হাতীৰ জাকটোৰ বিচৰণত শংকিত হৈ পৰিছে অঞ্চলবাসী (Elephant scare at Boko)।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.