Flipkart cheating customers: Flipkart ৰ বহুৱামি; বৈদ্যুতিক মটৰৰ পৰিৱৰ্তে বক্সত আহিল ইটা

By

Published : Feb 24, 2023, 11:39 AM IST

thumbnail

দলগাঁও,২৪ ফ্ৰেব্ৰুৱাৰী: প্ৰৱঞ্চনাৰ জাল পেলাইছে অনলাইন শ্বপিঙৰ বিভিন্ন চাইটসমূহে(Online shopping site cheated) । সেয়েহে অনলাইনত সামগ্ৰী ক্ৰয় কৰাৰ পূৰ্বে দহবাৰ ভাৱক । ন’হলে বিপদত পৰিব পাৰে আপুনি ৷ কিছুমান প্ৰতিষ্ঠিত অনলাইন কোম্পানীৰ নামত দুষ্ট চক্ৰই পাতিছে ভয়ংকৰ জাল । আপুনি অৰ্ডাৰ দিয়া সামগ্ৰীৰ সলনি কুৰিয়াৰত আহিব পাৰে অন্য সামগ্ৰী । কিয়নো অনলাইনৰ শ্বপিঙৰ নামত একাংশ কোম্পানীয়ে গ্ৰাহকক বাৰে বাৰে দি আহিছে ৰামঠগন । 

আপুনি ভাৱি চাওক, এটা ইটাৰ দাম বাৰু কিমান হ'ব পাৰে !  ৯৬০৯ টকা দি কেতিয়াবা ইটা, তাকো মাত্ৰ এটা ইটা কিনাৰ কথা হয়তো কোনেও সপোনতো নাভাবে । কিন্তু জনপ্ৰিয় অনলাইন শ্বপিং চাইট Flipkart য়ে এনে কামেই সম্ভৱ কৰিছে । Flipkart য়েও এতিয়া প্ৰৱঞ্চনাৰ ভয়ংকৰ জাল পাতিছে নেকি বাৰু ! বিভিন্ন সময়ত গ্ৰাহকে অৰ্ডাৰ কৰা সামগ্ৰীৰ বিপৰীতে কিছুমান নাভূত নাশ্ৰুত সামগ্ৰী প্ৰেৰণ কৰি সমালোচিত হৈ আহিছে Flipkart য়ে (Flipkart cheating customers in Dalgaon) ।

এইবাৰ জনপ্ৰিয় অনলাইন শ্বপিং চাইটৰ প্লেটফৰ্ম Flipkart ত সামগ্ৰী অৰ্ডাৰ কৰি প্ৰৱঞ্চনাৰ বলি হৈছে দলগাঁৱৰ মকিবুৰ ইছলাম তালুকদাৰ নামৰ এজন যুৱক । দৰঙৰ দলগাঁৱৰ সমীপৱৰ্তী পশ্চিম পদূখাট গাঁৱৰ মকিবুৰ ইছলাম নামৰ যুৱকজনে কিছুদিন পূৰ্বে Flipkart যোগে অৰ্ডাৰ কৰিছিল ৯৬০৯ মূল্যৰ বিপৰীতে এটা বৈদ্যুতিক ৱাটাৰ পাম্প । ফ্লিপকাৰ্টৰ এজেন্টে অৰ্ডাৰ ডেলিভাৰী কৰাৰ পিছত হাতত সামগ্ৰীভৰ্তি লৈ বক্সটো লৈ সন্দেহ উপজিছিল মকিবুৰৰ, কিয়নো সামগ্ৰীৰ ওজন আছিল অতি কম ।

এটা বৈদ্যুতিক মটৰৰ যিমান ওজন হ'ব লাগিছিল, ফ্লিপকাৰ্ট এজেন্টে অৰ্ডাৰ ডেলিভাৰী কৰা বক্সটোৰ সিমান ওজন নাছিল । লগে লগে বক্স খোলাত ওলাই পৰিল জোলোঙাৰ মেকুৰী । অৰ্থাৎ মটৰৰ পৰিৱৰ্তে ওলাল ইটাৰ টুকুৰা । বক্সত মটৰৰ পৰিৱৰ্তে ফ্লিপকাৰ্টৰ দ্বাৰা সুন্দৰকৈ পেকিং কৰা প্লাষ্টাৰযুক্ত এটা ইটা । লগে লগে চকু কপালত উঠে মকিবুৰৰ । ফ্লিপকাৰ্ট এজেন্টে, হেল্পলাইনত বহুবাৰ যোগাযোগ কৰাৰ পিছতো কোনো সুফল নোপোৱাত উপায়ন্তৰ হৈ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে মকিবুৰে কাষ চাপিল সাংবাদিকৰ । 

পিছে Flipkart ৰ বিৰুদ্ধে এয়া কোনো নতুন অভিযোগ নহয়, ইয়াৰ পূৰ্বেও Flipkart য়ে বহু গ্ৰাহকৰ লগত সংঘটিত কৰি আহিছে এনে কাণ্ড । Flipkart কৰ্তৃপক্ষই কেতিয়া এনেবোৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত লক্ষণীয় হ'ব । 

লগতে পঢ়ক: Theft in Guwahati: মহানগৰীত চোৰৰ টিঘিলঘিলনি, সাতগাঁৱত চোৰৰ ধন-সোণ লুণ্ঠন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.