thumbnail

By

Published : Jan 28, 2023, 7:16 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / Videos

Jorhat Fire : যোৰহাটৰ অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সম্পত্তি নষ্ট

যোৰহাট,২৮ জানুৱাৰী : যোৰহাটত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড (Fire incident in Jorhat)। যোৰহাট নগৰৰ মাজমজিয়াতে এইবাৰ ভয়ংকৰ অগ্নিকাণ্ড । জেইল ৰোডৰ শান্তিপুৰত শনিবাৰে বিয়লি এই অগ্নিকাণ্ড সংঘটিত হয় । শান্তিপুৰৰ ব্যস্ত অঞ্চলটোৰ এই অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ জ্বলি নিঃশেষ হয় । জুইত জাহ গ'ল এটা অংগনৱাড়ী কেন্দ্ৰও (Anganwadi centres damaged due to fire)। এই অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ জ্বলি যোৱাৰ লগতে বহু মূল্যৱান সা-সম্পত্তি জুইত জাহ যায় ।

জুইৰ সংস্পৰ্শলৈ অহা অংগনৱাড়ী কেন্দ্ৰটোত থকা শিশুৰ প্ৰয়োজনীয় খাদ্য সামগ্ৰীও নষ্ট হয় । আনহাতে যোৰহাট জেইল ৰোডৰ শান্তিপুৰত সংঘটিত অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট হোৱা বুলি জানিব পৰা গৈছে । জুইৰ সূত্ৰপাত কেনেকৈ হ'ল এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ডই ভয়ংকৰ ৰূপ লয় ।

ইফালে অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পাছতে যোৰহাট জিলা অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় । স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানসকলে কম সময়ৰ ভিতৰতে অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয় । এই ঘটনাৰ পাছতে ভুক্তভোগী পৰিয়ালকেইটাৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰিছে ।

উল্লেখ্য যে ২০২২ বৰ্ষৰ ২১ ডিচেম্বৰ নিশাও যোৰহাটৰ মাৰোৱাৰীপট্টিত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল (Massive fire at Jorhat)। যাৰ ফলত বহু ব্যৱসায়িক প্ৰতিষ্ঠান আৰু কেইবাটাও বাসগৃহ ভস্মীভূত হোৱাৰ লগতে কোটি টকাৰ সা-সম্পত্তি নষ্ট হৈছিল । আনকি এই জুই ইমানে ভয়াৱহ আছিল যে প্ৰায় দুদিন ধৰি অঞ্চলটোৰ ব্যৱসায়িক প্ৰতিষ্ঠানবোৰ জ্বলি থকা দেখা গৈছিল ।

যোৰহাট, গোলাঘাট, শিৱসাগৰ, টীয়ক, তিতাবৰ, দেৰগাঁৱৰ লগতে অ'এনজিচি, নুমলীগড় তেল শোধনাগাৰ, বায়ু সেনা বাহিনীৰো অগ্নি নিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিৰ্বাপণ কৰা হৈছিল । ইফালে যোৰহাটত এনেদৰে পুনৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে শংকিত হৈ পৰিছে যোৰহাটবাসী । ইফালে সকলো ৰাইজকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে আৰক্ষী তথা অগ্নি নিৰ্বাপক বাহিনীয়ে ।

লগতে পঢ়ক :Son tortured parent at Rangia: পুত্ৰৰ অত্যাচাৰত অতিষ্ঠ হৈ থানাত গোচৰ তৰিলে বৃদ্ধ দম্পতিয়ে

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.