thumbnail

By

Published : Jul 28, 2023, 4:25 PM IST

ETV Bharat / Videos

FIR against Bhupen Borah: ভূপেন বৰাৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এজাহাৰ বিজেপি যুৱ মৰ্চাৰ

নগাঁও, 28 জুলাই :  অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে এজাহাৰ বিজেপিৰ যুৱ মৰ্চাৰ । শ্ৰীকৃষ্ণক লৈ বিতৰ্কিত মন্তব্য কৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক গ্ৰেপ্তাৰৰ দাবী জনাই শুকুৰবাৰে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ নগাঁও মণ্ডল কমিটিয়ে ।

কংগ্ৰেছ নেতা ভূপেন বৰাই মহাভাৰতৰ যুগৰে পৰা লাভ জেহাদ আছিল আৰু ভগৱান শ্ৰী কৃষ্ণ আৰু ধৃতৰাষ্ট্ৰক জেহাদী বুলি এক বিতৰ্কিত মন্তব্য কৰিছিল । হিন্দুৰ আৰাধ্য দেৱতাক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰাৰ পিচত সংবাদ মাধ্যমৰ সন্মুখত যুৱ মৰ্চাৰ নেতাই মন্তব্য কৰে যে "ভূপেন বৰাই মহাভাৰতক অপমান কৰিছে । যদি কংগ্ৰেছ দলৰ নীতি আদৰ্শ আছে তেন্তে কংগ্ৰেছ দলে দলৰ সভাপতি ভূপেন বৰাক অতিশীঘ্ৰে দলৰ পৰা বহিষ্কাৰ কৰক ৷ "

ভূপেন বৰাই ক্ষমা খোজাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে, সেইয়া ক্ষমাৰ যোগ্য নহয় ৷ অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । কংগ্ৰেছ আৰু কোনো দলে যাতে ভৱিষ্যতে হিন্দুৰ আৰাধ্য দেৱ দেৱতাক লৈ যাতে কোনো ধৰণৰ মন্তব্য নকৰে তাৰ বাবেও সকীয়নি প্ৰদান কৰে নগাঁও বিজেপিয়ে ।

লগতে পঢ়ক : Love Jihad controversy: মহাভাৰতত লাভ জেহাদক লেটিয়াই অৱশেষত ঘোষাৰে ক্ষমা মাগিলে ভূপেন বৰাই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.