thumbnail

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 4:56 PM IST

ETV Bharat / Videos

Felicitation of Haj Pilgrims :লখিমপুৰত হজ যাত্ৰীক সম্বৰ্ধনা

লখিমপুৰ, ২ অক্টোবৰ: লখিমপুৰৰ পৰা উমৰাহ আৰু জিয়াৰত হজৰ বাবে মক্কালৈ যাব ষোল্ল গৰাকী যাত্রী । সোমবাৰে এই যাত্ৰীসকলক আনুষ্ঠানিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । অহা ছয় অক্টোবৰত লখিমপুৰৰ পৰা উমৰাহ আৰু জিয়াৰত হজৰ বাবে মক্কালৈ যাব ১৬ গৰাকী যাত্রী । মক্কালৈ যাবলগীয়া লখিমপুৰৰ হজ যাত্রীসকলক সোমবাৰে পুৱা আনুষ্ঠানিকভাবে সম্বৰ্ধনা জনোৱা হয় । নগৰৰ পশ্চিম চান্দমাৰীৰ ১৪ নং ৱাৰ্ডৰ উদয়ন ইংৰাজী আৰু আৰৱী মাদ্ৰাছাত লালুক মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী ড০ আব্দুল মান্নানৰ সভাপতিত্বত অনুষ্ঠিত তথা শিক্ষক আব্দুল হাচিবে আঁতধৰা এখন সভাত হজ যাত্রীসকলক তেওঁলোকৰ যাত্রা মংগলময় হোৱাৰ কামনাৰে শুভেচ্ছা জনাই সম্বৰ্ধনা জনোৱা হয় ।  

এই সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে হজ যাত্রী সকলক বিদেশত নীতি নিয়ম মানি বিশ্ব ভাতৃত্ববোধৰ কামনাৰে হজ কৰাৰ আহ্বানেৰে শুভেচ্ছা মুলক বক্তব্য আগবঢ়ায় । তেওঁলোকক আজি একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই সভাখনত সকলোৱে সফল হজ যাত্রাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ।

লগতে পঢ়ক:Nalbari Hari Mandir Controversy: আদালতৰ পৰিবৰ্তে ৰাইজৰ কাঠগড়াত হৰিমন্দিৰ বিৰ্তকৰ সমাধান সূত্ৰ উলিওৱাৰ পোষকতা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.