Fake advocate arrested in Barpeta:বৰপেটা আদালতত ভুৱা অধিবক্তা আটক উকীল সন্থাৰ - While Trying to Chat D Voter
🎬 Watch Now: Feature Video
Published : Sep 30, 2023, 9:31 PM IST
বৰপেটা, 30 ছেপ্টেম্বৰঃ এইবাৰ বৰপেটা আদালতত আটক হ'ল ভুৱা অধিবক্তা ৷ বাৰলৈ গৈ অধিবক্তাৰ কামত হস্তক্ষেপ কৰাৰ লগতে মক্কেলক বিপথে পৰিচালিত কৰাৰ অভিযোগ উঠিছে ফাৰুক খান নামৰ লোকজনৰ বিৰুদ্ধে ৷ ‘‘এশ গৰু মাৰিলে বাঘৰো মৰণৰ দৰে’’ বৰপেটা আদালতৰ অধিবক্তাসকলে হাতে-লোটে আটক কৰি আৰক্ষীক গতাই দিলে ভুৱা অধিবক্তা ফাৰুক খানক ৷
অভিযোগ অনুসৰি,‘‘ফাৰুক খানে ডি' ভোটাৰত নাম থকা লোকক সহায়ৰ প্ৰতিশ্ৰুতি দি সংগ্ৰহ কৰে ধন ৷ ফাৰুক অবৈধভাৱে ছীল-মোহৰ প্ৰস্তুত কৰিছে ৷ ডি'ভোটাৰ লোকৰ ঘৰে ঘৰে গৈ ভুক্তভোগীক অধিবক্তাৰ সহায় লোৱাৰ ক্ষেত্ৰত বাধা দি আহিছে ৷ তেওঁ কোনো অধিবক্তা নহয় তথাপিও এই কাম কৰি আহিছে ৷ আমাক বদনামী কৰিছে ৷ সেয়ে আজি হাতে-লোটে ধৰি আমি আৰক্ষীক গতাই দিছো’’ এই মন্তব্য বৰপেটা উকীল সন্থাৰ সম্পাদক আব্দুল মান্নানৰ ৷
লগতে পঢ়ক:Assamese girl rescued in Haryana:বৰপেটাৰোডৰ নিৰুদ্দিষ্ট যুৱতী হাৰিয়ানাত উদ্ধাৰ