Exposed transformer poses a threat:উন্মুক্ত ট্ৰেন্সফৰ্মাৰে বিপদ মাতিছে দক্ষিণপাট কুমাৰ গাঁও অঞ্চললৈ

By

Published : Aug 7, 2023, 5:28 PM IST

thumbnail

মাজুলী, 7 আগষ্ট : মাজুলীত উন্মুক্ত ট্ৰেন্সফৰ্মাৰে যিকোনো সময়ত বিপদ মাতিব পাৰে দক্ষিণপাট কুমাৰ গাঁও অঞ্চলত । ট্ৰেন্সফৰ্মাৰ থকা অঞ্চলত মানুহৰ লগতে জীৱ জন্তুৰ সুৰক্ষাৰ বাবে থাকিব লাগে এখন বেৰা । বেৰা দিয়াটো পাচৰ কথা ট্ৰেন্সফৰ্মাৰ থকা অংশতো চাফ চিকুণ কৰি ৰখাৰো প্ৰয়োজনবোধ কৰা নাই বিদ্যুৎ বিভাগে । DANGER বুলি লিখি থোৱা এখন ফলক আৰিয়ে দায়িত্ব সমৰিছে বিভাগে ।

বিদ্যুৎ বিভাগক স্থানীয় ৰাইজে বাৰম্বাৰ এই বিষয়ে অভিযোগ দিয়াৰ পাচতো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে । ব্যস্ত মথাউৰিৰ কাষতে হাতেৰে ঢুকি পোৱা অৱস্থাত বিদ্যুৎ বিভাগে ৰাখিছে এই ট্ৰেন্সফৰ্মাৰতো ৷ মথাউৰিৰ ওচৰত বসবাস কৰা খহনীয়াগ্ৰস্ত পৰিয়ালসমূহৰ লগতে এই পথৰে বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ লগতো ঘটিব পাৰে অঘটন । লগতে পশুধনক লৈয়ো চিন্তিত হৈ পৰিছে ৰাইজ ৷ সেয়ে সময় থাকোতেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক : Wild elephant and Rhino terror: মাজুলীৰ চাপৰিত হাতী গঁড়ৰ বসতি; ভয়ত চাপৰি এৰিছে ম’হ গুৱালে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.