নুমলীগড়ত ঘাইপথ অৱৰোধ কৰিলে বনৰীয়া হাতীয়ে

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 12:55 PM IST

thumbnail

গোলাঘাট, ১৩ ডিচেম্বৰ: নুমলীগড়ত এইবাৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে বনৰীয়া হাতীয়ে। নুমলীগড়ৰ পোৰাবাংলাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি বিচৰণ কৰিলে হাতীৰ জাকটোৱে । হাতীয়ে বহুসময় ধৰি আৱদ্ধ কৰিলে ঘাইপথ। খাদ্যৰ সন্ধানত নুমলীগড়ৰ মৰঙিৰ ভিন্ন প্ৰান্তত বন্যহস্তীৰ বিচৰণ বা বন্যহস্তীৰ সন্ত্ৰাস এতিয়া স্বাভাৱিক ঘটনাত পৰিণত হৈছে । হাতীৰ উপদ্ৰৱৰ বাবে এতিয়া বিনিদ্ৰ ৰজনী কটাব লগা হৈছে মৰঙীবাসী ৰাইজে ।  

উল্লেখ্য যে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ মুক্ত বিচৰণ কোনো নতুন কথা নহয় । নিশাতো বাদেই দিনৰ পোহৰতো পথাৰ,বাৰী,ঘৰৰ চোতালত বিচৰণ কৰে বন্যহস্তীয়ে । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি সোণোৱালী ধান খাই তহিলং কৰাৰ লগতে ভাঙি তচনচ কৰে বাসগৃহ। গোলাঘাট জিলাত হাতী -মানুহৰ সংঘাতৰ মূলতে বনাঞ্চল ধ্বংস। কিয়নো বন্যহস্তীৰ বাসস্থানত অবাধ গতিত বন ধ্বংসৰ পৰিপ্ৰেক্ষিতত তীব্ৰ খাদ্য সংকটত ভুগি জনাঞ্চলত প্ৰৱেশ কৰিছে ।

লগতে পঢ়ক:বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এজনৰ মৃত্যু, আহত এজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.