Man Elephant conflict in Assam: নুমলীগড়ৰ মৰঙীত ভয়াবহ ৰূপ লৈছে হাতী মানুহৰ সংঘাতে - Elephant destroyed house at Morangi
🎬 Watch Now: Feature Video


Published : Nov 5, 2023, 2:08 PM IST
গোলাঘাট, ৫ নৱেম্বৰ: গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে হাতী-মানুহৰ সংঘাতে । দৈনিক জাক জাক হাতীয়ে এফালৰ পৰা পকিবলৈ ধৰা শালি ধানৰ খেতিপথাৰ নষ্ট কৰি আহাৰ লগতে ভাঙি তহিলং কৰিছে ঘৰ-দুৱাৰ । ফলত সৃষ্টি হৈছে ভয়াবহ সংঘাত । বন্য়হস্তীৰ বাবে মৰঙীৰ কৃষকে এতিয়া এৰি দিছে ধানৰ খেতি কৰিবলৈ । হাতীয়ে বনাঞ্চলত পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰবেশ কৰি সৃষ্টি কৰে সন্ত্ৰাসৰ ।
ইয়াৰ পাছতো কুম্ভকৰ্ণ নিদ্ৰাত বিয়াগোম বন বিভাগ । বাৰম্বাৰ প্ৰশাসনক হাতী- মানুহৰ সংঘাত ৰোধৰ বাবে স্থায়ী সমাধানৰ ব্যৱস্থা কৰিবলৈ আৱেদন নিবেদন কৰিও আজি পৰ্যন্ত লাভ নকৰিলে সুফল । আজি পৰ্যন্ত দাবী কৰিও লাভ নকৰিলে ক্ষতিপূৰণৰ । যাৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ মৰঙী মৌজাৰ জনসাধাৰণে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে ।
লগতে পঢ়ক:Loksabha election 2024: কংগ্ৰেছ দলৰ কোনো গণভিত্তি নাই; বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱা