Heated situation in Duliajan: দুলীয়াজানত ধৰ্ষণকাৰী বৃদ্ধক গ্ৰেপ্তাৰ

By

Published : Jul 6, 2023, 8:48 PM IST

thumbnail

দুলীয়াজান,৬ জুলাই: দুলীয়াজানৰ নাওশলীয়াত উত্তপ্ত পৰিস্থিতি । এগৰাকী বৃদ্ধৰ বিৰুদ্ধে দুগৰাকী কিশোৰীক বলাৎকাৰ কৰাৰ অভিযোগ পৰিয়ালৰ লগতে ৰাইজৰ । অভিযুক্ত বৃদ্ধ নাওশলীয়াৰ জুটুলীবাৰী চাহ বাগিচা বৰলাইনৰ দেৱীচৰণ কৰ্মকাৰ । ইতিমধ্যে দেৱীচৰণ কৰ্মকাৰক আটক কৰি ৰাইজৰ লপাথপা । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে অভিযুক্ত বৃদ্ধজনক ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।  

শেহতীয়াকৈ আৰক্ষীয়ে ভুক্তভোগী কিশোৰী দুগৰাকীক চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । অভিযুক্তক আৰক্ষীয়ে থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে । এই ঘটনাই বৃহত্তৰ অঞ্চলটোত চেঁপা উত্তেজনা বিৰাজ কৰিছে । জানিবপৰামতে দীৰ্ঘদিন ধৰি জুটুলীবাৰী চাহ বাগিচা বৰলাইনৰ দুগৰাকী কিশোৰীক ভয় প্ৰলোভনৰে লম্পট বৃদ্ধই শাৰীৰিক নিৰ্যাতন চলাই আহিছিল । ইয়াৰে এগৰাকী কিশোৰীৰ স্বাস্থ্য অৱনতি হৈ পৰাত বুধবাৰে এই ঘটনা পোহৰলৈ আহে । 

লগতে পঢ়ক: Lok Sabha election 2024: গুৱাহাটীত দেশৰ 12 খন ৰাজ্যৰ বিজেপি নেতৃত্বৰ বৈঠক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.