ETV Bharat / state

আম আদমি পাৰ্টী অসমৰ সভাপতি হিচাপে নিযুক্তি মনোজ ধানোৱাৰক - AAP Assam

author img

By ANI

Published : 3 hours ago

AAP Assam: আম আদমি পাৰ্টীয়ে অসম গোটৰ বাবে মনোজ ধানোৱাৰক সভাপতিৰ দায়িত্ব দিছে । ইফালে ভবেন চৌধুৰীক ৰাষ্ট্ৰীয় যুটীয়া সচিব হিচাপে নিযুক্তি দিয়া হৈছে ।

AAP Assam
আম আদমি পাৰ্টী অসমৰ সভাপতি হিচাপে নিযুক্তি মনোজ ধানোৱাৰক (ANI)

নিউজ ডেস্ক, ২১ ছেপ্টেম্বৰ : আম আদমি পাৰ্টী অসম গোটৰ বাবে গুৰুত্বপূৰ্ণ খবৰ । আম আদমি পাৰ্টীয়ে মনোজ ধানোৱাৰক অসম প্ৰদেশৰ সভাপতি হিচাপে নিযুক্তি দিছে । ইফালে প্ৰাক্তন ৰাজ্যিক সভাপতি ভবেন চৌধুৰীক ৰাষ্ট্ৰীয় যুটীয়া সচিব হিচাপে নিযুক্তি দিয়া হৈছে ।

শেহতীয়াকৈ লোকসভা নিৰ্বাচনত অসমৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা আপৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল মনোজ ধানোৱাৰে । অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে সমষ্টিটোৰ পৰা বিজয়ী হয় । অসমৰ আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আপে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে । অসমত দলৰ ভেঁটি শক্তিশালী কৰাৰ ক্ষেত্ৰত দলে তেওঁৰ পৰা বিশেষ আশা কৰাও দেখা গৈছে ।

AAP Assam
আম আদমি পাৰ্টী অসমৰ সভাপতি হিচাপে নিযুক্তি মনোজ ধানোৱাৰক (ETV Bharat Assam)

আতিশী হ'ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

উল্লেখ্য যে আবকাৰী নীতি কেলেংকাৰী গোচৰত জামিন লাভ কৰাৰ পিচতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পদত্যাগৰ ঘোষণা কৰে আৰু ৰাজ্যসভাৰ সাংসদ আতিশীক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে দলে ঘোষণা কৰিছে । সূত্ৰৰ মতে শনিবাৰে আতিশীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব ।

শুকুৰবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আনুষ্ঠানিকভাৱে আম আদমি পাৰ্টীৰ (আপ) নেত্ৰী আতিশীক ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে । ৰাষ্ট্ৰপতিয়ে আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ পৰা পদত্যাগ পত্ৰ গ্ৰহণ কৰে কিন্তু কয় যে আতিশীয়ে শপত গ্ৰহণ নকৰালৈকে তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰি থাকিব ।

আজি শপতগ্ৰহণ অনুষ্ঠান

আতিশীয়ে আন মন্ত্ৰীসকলৰ সৈতে শনিবাৰে ৰাজ নিৱাসত শপত গ্ৰহণ কৰিব । চৰকাৰী বিবৃতি অনুসৰি ৰাষ্ট্ৰপতিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ লগতে তেওঁৰ মন্ত্ৰী পৰিষদৰ পদত্যাগ তাৎক্ষণিকভাৱে গ্ৰহণ কৰিছে । অৱশ্যে নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ নকৰালৈকে তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাম কৰি থাকিব ।

ৰাষ্ট্ৰপতিয়ে লগতে সৌৰভ ভৰদ্বাজ, গোপাল ৰায় আৰু কৈলাশ গেহলটকে ধৰি ৫ গৰাকী মন্ত্ৰীৰ নিযুক্তিৰ বাবে অনুমতি প্ৰদান কৰে ।

লগতে পঢ়ক :উপ-নিৰ্বাচনত কি ফৰ্মুলাত মিত্ৰতা অগপ-বিজেপিৰ ? চামগুৰিৰ উপ-নিৰ্বাচনত কিয় প্ৰতিদ্বন্দ্বিতা নকৰে অগপই ? - Assam bye elections 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.