ETV Bharat / state

মুম্বাইত উদ্যোগপতি আম্বানীৰ পৰা জিন্দাললৈ সাক্ষাৎ মুখ্যমন্ত্ৰীৰ; এডভাণ্টেজ আছাম ২.০ লৈ আমন্ত্ৰণ - ADVANTAGE ASSAM CONCLAVE

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু অনন্ত আম্বানী, জে এছ ডব্লিউ গ্রুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সজ্জন জিন্দালকে ধৰি কেইবাগৰাকীও উদ্যোগপতিক সাক্ষাৎ ।

Advantage Assam conclave
সজ্জন জিন্দালৰ সৈতে মুখ্যমন্ত্ৰী (X@HimantaBiswaSarma)
author img

By ETV Bharat Assamese Team

Published : Feb 9, 2025, 10:38 AM IST

গুৱাহাটী : শনিবাৰে দিনটো মুম্বাইত ব্যস্ত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । অহা 25 আৰু 26 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ আছাম ২.০-ক লৈ মুম্বাইত বিশিষ্ট উদ্যোগপতিক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীয়ে ৷

  • মুকেশ আম্বানীৰে মুখ্যমন্ত্ৰীৰ বৈঠক

শনিবাৰৰ দিনটোত ড৹ শর্মাই ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু অনন্ত আম্বানীৰ সৈতে এক বিশেষ সাক্ষাতত মিলিত হয় ৷ এই বৈঠকত তেওঁলোকে উদ্যোগ ৪.০-ৰ বাবে ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰ হোৱাৰ দিশত অসমৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে । লগতে এই পৰিৱৰ্তনশীল যাত্রাত ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ সৈতে সম্ভাৱ্য সহযোগিতাৰ বিষয়েও আলোচনা কৰে ।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা অনুসৰি, আগন্তুক এডভাণ্টেজ আছাম ২.০ লৈ মুখ্যমন্ত্ৰীয়ে আমন্ত্ৰণ জনায় আম্বানীক । মুখ্যমন্ত্রীৰ আমন্ত্ৰণৰ প্ৰতি লক্ষ্য ৰাখি মুকেশ আম্বানীয়ে আগন্তুক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনত গুৱাহাটীলৈ অহাৰ বাবে আগ্ৰহ প্রকাশ কৰে । এই সম্মিলনখন অসম চৰকাৰৰ পৰিকল্পনাসমূহক কার্যৰূপ দিবলৈ এক প্লেটফর্ম হিচাপে কাম কৰিব বুলি মুখ্যমন্ত্রীয়ে ব্যক্ত কৰে ।

  • মুম্বাইত উদ্যোগপতি সজ্জন জিন্দালৰে বৈঠক

ইয়াৰ পূর্বে শনিবাৰে পুৱা মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই মুম্বাইত জে এছ ডব্লিউ গ্রুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সজ্জন জিন্দালৰ সৈতে এক বৈঠকত মিলিত হৈ অসমৰ আন্তঃগাঁথনি আৰু শক্তি খণ্ডৰ অংশীদাৰিত্বৰ বিষয়ত বার্তালাপ কৰে । লগতে এটা পষেকৰ পাছতে অনুষ্ঠিত হ’বলগীয়া ‘‘এডভাণ্টজ আছাম’’ৰ দ্বিতীয় সংস্কৰণলৈ সজ্জন জিন্দালক আমন্ত্রণ জনায় ।

ইয়াৰ উপৰি মুম্বাইত মুখ্যমন্ত্রীয়ে ৱেলম্পুন ৱ'ৰ্ল্ডৰ অধ্যক্ষ বি কে গোৱেংকাকো সাক্ষাৎ কৰে । উদ্যোগপতিগৰাকীৰ সৈতে অসমৰে জড়িত বস্ত্রশিল্প, শক্তি, পানী পৰিশোধন আৰু আন্তঃগাঁথনিমূলক বিভিন্ন বিষয়ত এক ফলপ্রসূ আলোচনা কৰে ।

পৰৱৰ্তী সময়ত এছাৰ গ্ৰুপৰ উপাধ্যক্ষ ৰবি ৰুইয়াৰ সৈতেও এক বৈঠকত মিলিত হয় । অসমত বৈদ্যুতিক ট্রাক নির্মাণ আৰু নৱীকৰণযোগ্য শক্তি খণ্ডৰ প্ৰকল্পৰ সৈতে এক সম্ভাৱনাময় সহযোগিতাৰ বিষয়ে উক্ত বৈঠকত আলোচনা কৰা হয় । মুখ্যমন্ত্রীয়ে এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ তেওঁক আমন্ত্রণ জনায় ।

লগতে পঢ়ক :অসমক উদ্যোগিক হাব হিচাপে গঢ়ি তোলাৰ লক্ষ্য চৰকাৰৰ : কৃষ্ণেন্দু পাল - ADVANTAGE ASSAM 2
লগতে পঢ়ক :অসমৰ টাটা প্ৰকল্প সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ শর্মাৰ সৈতে টাটা কোম্পানীৰ অধ্যক্ষৰ বৈঠক - TATA PROJECTS IN ASSAM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.