ETV Bharat / state

দিল্লীবাসীক বিগত সময়ত টুপী পিন্ধোৱাৰ ফল লাভ কৰিছে আপে : জিতু গোস্বামী - DELHI ASSEMBLY ELECTIONS 2025

নগাঁৱত বিজেপিৰ বিজয় উল্লাহ । দিল্লী নিৰ্বাচনী ফলাফলে আত্মবিশ্বাস বঢ়াইছে অসমৰ বিজেপি নেতাৰ । বিধায়ক ৰূপক শৰ্মাই ঢোল বজাই প্ৰকাশ কৰে মনৰ আনন্দ ।

Nagaon BJP celebrates victory
নগাঁৱত বিজেপিৰ বিজয় উল্লাহ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 9, 2025, 11:41 AM IST

নগাঁও : দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলে আত্মবিশ্বাস বঢ়াইছে অসমৰ বিজেপি নেতাৰ । অসমৰ পৰা গৈ দিল্লীত নিৰ্বাচনী প্ৰচাৰ চলোৱা অসমৰ এগৰাকী বিজেপি বিধায়কৰ ভাষ্যত প্ৰকাশ পাইছে এই কথা । বিধায়কগৰাকী নগাঁৱৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক জিতু গোস্বামী ।

দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিৰ জয়লাভৰ পাছত নগাঁৱত বিজয় উল্লাহ পালন কৰি ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ১১০ খন আসন লাভ কৰি বিজেপিয়ে জয়লাভ কৰিব বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে বিধায়ক জিতু গোস্বামীয়ে ।

নগাঁৱত বিজেপিৰ বিজয় উল্লাহ (ETV Bharat)

লগতে বিধায়ক জিতু গোস্বামীয়ে কয়, “দিল্লীবাসীক বিগত সময়ত টুপী পিন্ধোৱাৰ ফল লাভ কৰিছে আম আদমী পাৰ্টীয়ে । দিল্লীবাসীয়ে এইবাৰ কেজৰিৱালৰ আশ্বাসক গ্ৰহণ নকৰাৰ বিপৰীতে বিজেপিৰ প্ৰতিশ্ৰুতিক বিশ্বাসত লৈ ভোটদান কৰিছে ।”

দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলৰ প্ৰভাৱ অসমতো পৰিব বুলি মন্তব্য কৰি বিধায়ক জিতু গোস্বামীয়ে কয়, “অসমত হবলগীয়া বিধানসভা নিৰ্বাচনত আমি এশ আসন লাভ কৰিম বুলি ভাবিছিলো যদিও এতিয়া আমি এশ দহখন আসনত জয়লাভ কৰিম বুলি আত্মবিশ্বাস বৃদ্ধি পাইছে ।”

লগতে পঢ়ক : দুই প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কপাল: এজনৰ ফুলিল আনজনৰ ফুটিল

শনিবাৰে নগাঁও জিলা বিজেপি কাৰ্যালয়ত পালন কৰা বিজয় উৎসৱত ঢোল বজালে বিধায়ক ৰূপক শৰ্মাই । এতিয়া সমগ্ৰ দেশ গেৰুৱাময় হৈ পৰাৰেই প্ৰমাণ দিল্লী বিধানসভা নিৰ্বাচন নে কৰিলে বুলি মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই ।

দিল্লী বিধানসভাৰ এটা সমষ্টিৰ প্ৰচাৰ দায়িত্ব লাভ কৰি প্ৰচাৰ চলোৱা নগাঁও জিলা বিজেপিৰ প্ৰাক্তন সভাপতি অভিজিৎ নাথেও দিল্লীত কেজৰিৱালৰ ফাঁকিৰ ৰাজনীতিৰ অন্ত পৰা বুলি মন্তব্য কৰে । দিল্লীবাসীয়ে এইবাৰ বিজেপিৰ উন্নয়নৰ প্ৰতি আকৃষ্ট হৈ ভোটদান কৰা বুলি উল্লেখ কৰে বিজেপি নেতা অভিজিৎ নাথে ।

দিল্লী বিধানসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি বিজেপিয়ে জয়লাভ কৰাৰ পাছত নগাঁৱতো বিজেপিৰ নেতা কৰ্মীৰ মাজত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে । শনিবাৰে নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত বিজয় উল্লাহ পালন কৰে জিলাখনৰ বিজেপিৰ নেতা কৰ্মীসকলে ।

বিজয় উল্লাহত অংশগ্ৰহণ কৰি ৰূপহীহাট সমষ্টিৰ বিজেপি নেতা কমৰুজ জামান সৰকাৰে দিল্লীৰ নিৰ্বাচনী ফালফালে অসমৰ বিজেপি নেতা কৰ্মীক অধিক উৎফুল্লিত কৰাৰ লগতে উৎসাহিত কৰা বুলি মন্তব্য কৰে ।

লগতে পঢ়ক : বিজেপিয়ে কৰা বেয়া কামৰ ফল ভোগ কৰিবলগীয়া হ'ল আম আদমী পাৰ্টীয়ে : আপ অসমৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.