ETV Bharat / state

বিজেপিয়ে কৰা বেয়া কামৰ ফল ভোগ কৰিবলগীয়া হ'ল আম আদমী পাৰ্টীয়ে : আপ অসমৰ প্ৰতিক্ৰিয়া - DELHI ELECTION RESULTS 2025

একেৰাহে তৃতীয়বাৰৰ বাবে দিল্লীত শাসন কৰাৰ পাচত ৰাজধানীৰ বাঘজৰী এইবাৰ গ’লগৈ BJPৰ হাতত ৷ এই লৈ আপ অসমে ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷

AAP Assam reacts on Delhi election results 2025
আপ অসম (PTI)
author img

By ETV Bharat Assamese Team

Published : Feb 9, 2025, 10:36 AM IST

গুৱাহাটী : "ৰাইজে দিয়া জনমতক আমি আদৰণি জনাইছো । অৰবিন্দ কেজৰিৱাল পৰাজয় বৰণ কৰাটো আমাৰ বাবে দুখৰ কথা ।" এই মন্তব্য আম আদমী পাৰ্টী চমুকৈ আপৰ ৰাজ্যিক উপ-সভানেত্ৰী তথা মুখ্য মুখপাত্ৰ অনুৰূপা ডেকাৰজাৰ । দিল্লীত আম আদমী পাৰ্টীৰ শোচনীয় পৰাজয় সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে আপৰ ৰাজ্যিক নেত্ৰীগৰাকীয়ে ।

সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয়, "ৰাইজৰ ৰায়ক আমি মানি লৈছো । দিল্লীত আপে উন্নয়নৰ ৰাজনীতি কৰা নাই তেনে কথা নহয় । বহুখিনি উন্নয়ন কৰিছে । কিন্তু শেহতীয়া দুই-তিনি বছৰত আম আদমী পাৰ্টীৰ যথেষ্ট ক্ষতি হৈছে । ক্ষতি হোৱাৰ কাৰণবোৰ ভাৰতবৰ্ষৰ ৰাইজে জানে । কিদৰে বিজেপি দলে আমাৰ একো একোজন নেতাক জেলত ভৰাই ৰাখিলে সেয়া ভাৰতৰ ৰাইজে দেখিছে ।’’

আম আদমী পাৰ্টী (ETV Bharat)

অনুৰূপা ডেকাৰজাই কয়, ‘‘বিজেপি দলে তেওঁলোকৰ সাংগঠনিক ভেঁটি তাত তলে তলে নিৰ্মাণ কৰি ল'লে । বিজেপি দলে শেষলৈকে এনেকুৱা ধৰণে কিছুমান বেয়া কাম কৰিলে যিবোৰ কামৰ ফলাফল আজি আমি ভোগ কৰিবলগীয়া হৈছে । অৰবিন্দ কেজৰিৱালে কাম কৰাৰ বাবে ভোট খুজিবলৈ যায় । তেওঁ জনতাক কামৰ বাবেহে ভোট দিবলৈ কৈছিল ।’’

‘‘আজি ভোটিঙৰ অনুপাত চাবলৈ গ'লে দেখা যায় যে বৰ বেছি পাৰ্থক্য নাই । কিন্তু কথা হ'ল যে আজি যিখিনি মানুহে আমাক ভোট দিছে সেইখিনি মানুহে কামৰ ৰাজনীতিৰ বাবেই ভোট দিছে । আমি বিজেপিক অভিনন্দন জনাইছো যদিও এটা কথা ঠিক যে দিল্লীত অৰবিন্দ কেজৰিৱালে কামৰ মাজেৰে নিদৰ্শন দাঙি ধৰিছিল । পৰিৱৰ্তনৰ মাজত হয়টো কিবা ত্ৰুটি থাকি গৈছিল আৰু যাৰ বাবে হয়টো ৰাইজে নতুন দলৰ সন্ধান কৰিলে ।" তেওঁ কয় ৷

তেওঁ লগতে কয়, "দিল্লীত বিজেপিয়ে কি কাম কৰিব সেয়া সকলোৱে দেখিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত সময়ত কি উন্নয়নৰ কাম কৰিছে সেয়া দেশৰ জনগনে দেখিছে । দিল্লীত ২৭ বছৰৰ পাছত তেওঁলোকে সুযোগ পাইছে আৰু সেই সুযোগ ৰাইজে দিছে । ইয়াক আমি মানি লৈছো ।"

আপৰ আন এগৰাকী ৰাজ্যিক নেতাই কয়, "মুখ্যমন্ত্ৰী আতিশীৰ জয়লাভৰ বাবে আমি দুখৰ মাজতো কিছু আনন্দিত হৈছো । নিৰ্বাচনী ফলাফলক লৈ আমি যথেষ্ট দুঃখিত । আম আদমী পাৰ্টী কেৱল মাত্ৰ এটা ৰাজনৈতিক দল নহয়, ই এটা আদৰ্শ । অৰবিন্দ কেজৰিৱালে নিৰাশাৰ মাজত আশাৰ বন্তি জ্বলাবলৈ সক্ষম হৈছিল । আজি আমি হাৰিছো যদিও চিৰদিনৰ বাবে হাৰি যোৱা নাই । আমি নতুন উদ্যমেৰে আকৌ আগুৱাই যাম ।"

লগতে পঢ়ক : দুই প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কপাল: এজনৰ ফুলিল আনজনৰ ফুটিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.