গুৱাহাটী: কটন বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি । কটন বিশ্ববিদ্যালয়ৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রাত আৰক্ষীৰ বাধা । আৰক্ষী আৰু কটনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বাক যুদ্ধ । কটন ছাত্ৰ একতা সভাই শোভাযাত্ৰাৰ বাবে অনুমতি নোলোৱাৰ বাবে আৰক্ষীয়ে বাধা প্ৰদান কৰে । সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে পুৱাৰে পৰা সাজু হৈ থকা তিনি সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰাজপথত থিয় হৈ থাকিব লগা হ'ল ।
আৰক্ষী প্ৰশাসনৰ এটা বৃহৎ এটা দলে কটন বিশ্ববিদ্যালয়ৰ পৰা ওলোৱা শোভাযাত্ৰা নেহৰু উদ্যানৰ সন্মুখত ৰচি বান্ধি বাধা প্ৰদান কৰে । সাংস্কৃতিক শোভাযাত্ৰা দীঘলী পুখুৰীৰ পাৰেৰে কৰা কথা আছিল যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰাত ছাত্ৰ-ছাত্ৰী আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় বাকযুদ্ধৰ । পৰৱৰ্তী সময়ত আৰক্ষী, প্ৰশাসন, বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ একতা সভাৰ বুজাবুজিৰ পিছত বিশ্ববিদ্যালয়ৰ চৌহদৰ শতবৰ্ষীয় তোৰণৰ পৰা হোষ্টেল ৰোডত ভিতৰতে শোভাযাত্ৰা সামৰণি পৰে ।
কটন বিশ্ববিদ্যালয়ৰ আছু গোটৰ সদস্য কুলদ্বীপ গৌতম শৰ্মাই আজি সাংকৃতিক শোভাযাত্ৰাক আৰক্ষীয়ে বাধা দিয়া কাৰ্যক ধিক্কাৰ জনাই কয়, "ছাত্ৰ একতা সভাই সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে আগতীয়াকৈ অনুমতি ল'ব লাগে । শনিবাৰে ছাত্ৰ একতা সভাই সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে অনুমতি ল'বলৈ গৈছিল যদিও আৰক্ষীয়ে এডভান্টেজ আছামৰ বাবে শোভাযাত্ৰাৰ বাবে অনুমতি দিয়া নাছিল । অনুমতি নোহোৱাকৈ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ বাবে আৰক্ষীয়ে বাধা প্ৰদান কৰিছে ।" তেওঁ এনে ধৰণৰ ঘটনা আগলৈ যাতে নঘটে তাৰবাবে ছাত্ৰ একতা সভাকো সচেতন হ'বলৈ আহ্বান জনায় ।
![Cotton University cultural procession stopped by police in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10-02-2025/23508497_ghyy-1.jpg)
উল্লেখ্য যে, বিশ্ববিদ্যালয় সপ্তাহ উপলক্ষে দেওবাৰে সাংস্কৃতিক শোভাযাত্রা উলিয়াইছিল বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে । বৰ্ণিল শোভাযাত্ৰাত অংশগ্ৰহণ কৰে কটনৰ প্ৰতিটো বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে । শোভাযাত্ৰাত প্ৰতিফলিত হয় বৰ অসমৰ কৃষ্টি-সংস্কৃতি । কিন্তু ছাত্ৰ সমাজৰ এনে বাৰেৰহণীয়া শোভাযাত্ৰাক আৰক্ষীয়ে বাধা দিয়া কাৰ্যক সহজে ল'ব পৰা নাই সচেতন মহলে ।
![Cotton University cultural procession stopped by police in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10-02-2025/23508497_ghyy-2.jpg)