ধিঙত পুনৰ দুই যুৱকে জাৰণিৰ মাজলৈ টানি নি বলাৎকাৰ কৰিলে নাবালিকাক - Dhing rape case

By ETV Bharat Assamese Team

Published : 2 hours ago

thumbnail
ধিঙত পুনৰ কিশোৰী ধৰ্ষণ (ETV Bharat)

ধিং, 20 ছেপ্টেম্বৰ: প্ৰায় এমাহপূৰ্বে নগাঁও জিলাৰ ধিঙত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ কিশোৰী ধৰ্ষণৰ ঘটনা ৷ সেই ঘটনাক লৈ সৰ্বত্ৰে জোৱাৰ উঠিছিল প্ৰতিবাদৰ ৷ কিন্তু সেই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ ধিঙত আন এগৰাকী কিশোৰী ধৰ্ষণৰ বলি হোৱাৰ অভিযোগ উঠিছে ৷ ধিঙৰ লাঠিয়ামাৰী চৰত দুজন যুৱকে বলেৰে মটৰ চাইকেলত উঠাই নি এডৰা জাৰণিৰ মাজত কিশোৰীগৰাকীৰ সৈতে অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ অভিযোগ তুলিছে কিশোৰী গৰাকীৰ পৰিয়ালে ৷

জানিব পৰা মতে, নদীৰ ঘাটত আইতাকক আগবঢ়াবলৈ নিজৰ ভায়েকৰ সৈতে গৈছিল কিশোৰীগৰাকী ৷ আইতাকক আগবঢ়াই থৈ উভতি অহাৰ সময়তে দুজন যুৱকে কিশোৰীগৰাকীক বলেৰে মটৰ চাইকেলত উঠাই জাৰণিৰ মাজলৈ লৈ যায় ৷ তাতেই অপকৰ্মটো সংঘটিত কৰা বুলি অভিযোগ উঠিছে ৷ 

কিশোৰীগৰাকীৰ লগতে থকা তেওঁৰ ভায়েকে আহি চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজে তৎপৰতাৰে কিশোৰীগৰাকীক উদ্ধাৰ কৰে যদিও দুই অভিযুক্তই পলায়ন কৰে ৷ দুই অভিযুক্ত ফুজাইল অহমেদ আৰু ইছৰাফিল হুছেইনৰ বিৰুদ্ধে ধিং থানাত অভিযোগ দাখিল কৰিছে ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃয়ে ৷ আৰক্ষীয়ে 179/24 নম্বৰত গোচৰ ৰুজু কৰি দুই অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷ কিশোৰীগৰাকী বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷

লগতে পঢ়ক: আকৌ ধৰ্ষণৰ বলি দেশৰ কন্যা: তিনি দুৰ্বৃত্তই ধৰ্ষণ কৰি পথৰ কাষত পেলাই থৈ গ’ল নাবালিকাক - Dhing Minor rape case

ধৰ্ষণকাণ্ডই জোকাৰিছে ৰাজ্য : ধিংকন্যাক ন্যায়ৰ দাবীত শ শ মহিলাৰ প্ৰতিবাদ - Dhing rape case

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.