এইবাৰ পিষ্টলধাৰী দুৰ্বৃত্তৰ লক্ষ্য ই-ৰিক্সা চালক, গুৱাহাটীত পুৱাই চাঞ্চল্য - Robbery in Guwahati

By ETV Bharat Assamese Team

Published : 3 hours ago

thumbnail
এইবাৰ পিষ্টলধাৰী দুৰ্বৃত্তৰ লক্ষ্য ই-ৰিক্সা চালক (ETV Bharat Assam)

গুৱাহাটী, ২০ ছেপ্টেম্বৰ : মহানগৰীত মুক্তমনে ফুৰিছে পিষ্টলধাৰী দুৰ্বৃত্ত ৷ গুৱাহাটী মহানগৰীত এইবাৰ পিষ্টলধাৰী দুৰ্বৃত্তৰ লক্ষ্য ই-ৰিক্সা চালক ৷ পিষ্টল দেখুৱাই পুৱাতেই লুটি নিলে নগদ ধন আৰু ম’বাইল ফোন ৷

ঘটনা সন্দৰ্ভত ভুক্তভোগী মহম্মদ আয়জুলে কয় , ‘‘শুকুৰবাৰে পুৱা ভাৰাঘৰৰ পৰা ই-ৰিক্সা লৈ ওলাই আহিছিলো ৷ এ টি ৰোডৰ বিশ্বৰত্ন হোটেলৰ সমীপত পুৱা প্ৰায় ৪.৫০ বজাত দুজন লোক ৰিক্সাত উঠিছিল আৰু গুৱাহাটী ষ্টেচনলৈ যাম বুলি কৈছিল ৷ তেতিয়াই গুৱাহাটী ষ্টেচনলৈ গৈ থকা অৱস্থাত ষ্টেচন পোৱাৰ আগতে পাণবজাৰ অঞ্চলত ৰিক্সাখন ৰখাবলৈ কয় ৷ ৰিক্সাখন ৰখোৱাৰৰ লগে লগে নামি দুই দুৰ্বৃত্তই দুয়োফালৰ পৰা দুটা পিষ্টল লগাই দি ম’বাইল ফোন আৰু নগদ ধন লুটি ই-ৰিক্সাখন লৈ যাবলৈ বিচাৰিছিল । কিন্তু ৰিক্সাখন লৈ মই আগবাঢ়ি গৈ চিঞৰ বাখৰ কৰাত স্থানীয় লোক গোট খোৱাৰ বাবে শূন্যলৈ গুলী ফুটাই পলায়ন কৰে দুই দুৰ্বৃত্তই ।’’

লগতে পঢ়ক : ডকাইতিৰ পৰিকল্পনা : মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত তিনি ডকাইত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.