ETV Bharat / technology

"...বয়িঙৰ দৰে ঘটনাৰ পুনৰাবৃত্তি হোৱাটো নিবিচাৰো": ইছৰোৰ বিজ্ঞানী এছ সোমনাথ - ISRO Chief S Somanath - ISRO CHIEF S SOMANATH

Venus Orbiter Mission: বছৰৰ শেষৰ ফালে ভাৰতৰ প্ৰথমটো মানৱ অভিযান গগনযান আৰম্ভ হ’ব বুলি জনায় এছ সোমনাথে । এই অভিযানৰ সময়ত যাতে কোনোৱে কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে সাৱধানতাৰে আগবাঢ়িব লাগে বুলি কয় সোমনাথে ।

Etv Bharat
ইছৰোৰ বিজ্ঞানী এছ সোমনাথ (File photo: ANI)
author img

By ETV Bharat Tech Team

Published : Sep 21, 2024, 10:57 AM IST

নিউজ ডেস্ক, 21 ছেপ্টেম্বৰ: শুকুৰবাৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ এছ সোমনাথে গগনযান উৎক্ষেপণৰ ক্ষেত্ৰত সকলোকে সাৱধানতাৰে আগবাঢ়িবৰ বাবে আহ্বান জনায় ৷ চলিত বছৰৰ শেষৰ ফালে গগনযান উৎক্ষেপণ কৰা হ’ব বুলি জনায় এছ সোমনাথে ।

বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদন জনোৱা প্ৰকল্পসমূহৰ ভিতৰত গগনযান ভাৰতৰ প্ৰথমটো মানৱীয় অভিযান ।

বয়িং ষ্টাৰলাইনাৰৰ প্ৰসংগ উত্থাপন কৰি এছ সোমনাথে কয়, "বয়িং ষ্টাৰলাইনাৰৰ যি হ’ল সেয়া মই নিবিচাৰো, গতিকে আমি অতি সাৱধান হোৱা উচিত ।"

এছ সোমনাথে কয় যে মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম’ৰক লৈ যোৱা 5 জুনত মহাকাশলৈ উৰা মাৰিছিল বয়িং ষ্টাৰলাইনাৰে । এসপ্তাহৰ পিছত ই ঘূৰি অহাৰ কথা আছিল যদিও মহাকাশযানখনত হিলিয়াম লিক হোৱা আৰু থ্ৰাষ্টাৰৰ বিজুতিৰ বাবে ই পৃথিৱীলৈ ঘূৰি আহিবলৈ সক্ষম হোৱা নাই । 7 ছেপ্টেম্বৰৰ দিনা ষ্টাৰলাইনাৰখন ঘূৰি আহিল যদিও মহাকাশ কেন্দ্ৰতেই আৱদ্ধ হৈ থাকিল সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম’ৰ ।

সোমনাথে শুক্ৰ গ্ৰহৰ অন্বেষণৰ গুৰুত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।

কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদন জনোৱা চাৰিটা প্ৰকল্পৰ ভিতৰত ভেনাছ অৰ্বিটাৰ মিছন (ভি অ’ এম)ও আছে আৰু ইয়াৰ বাবে 1236 কোটি টকা আবণ্টন দিয়া হৈছে ।

সোমনাথে কয়, "...যদি আপুনি মংগল আৰু শুক্ৰত কি ঘটি আছে সেই বিষয়ে অধ্যয়ন নকৰে তেন্তে সম্ভৱতঃ আমাৰ ভৱিষ্যত প্ৰজন্মৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব । শুক্ৰ গ্ৰহও গুৰুত্বপূৰ্ণ কাৰণ ভাৰত সফলতাৰে মংগল আৰু চন্দ্ৰলৈ গৈছে ।"

সোমনাথে কয়, "ৰাছিয়া,চীন আৰু জাপানেও 2030 চনৰ ভিতৰত ভেনাছলৈ মিছন প্ৰেৰণ কৰিব । গতিকে, 2028 চনৰ ভিতৰত আমি লঞ্চ ভেহিকেল মাৰ্ক-3 বা এলভিএম3ৰ পৰা আমাৰ ভেনাছ মিছন আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছো ।"

তেওঁৰ মতে শুক্ৰ আমাৰ নিকটতম গ্ৰহ যদিও ই অধিক প্ৰত্যাহ্বানমূলক ।

সোমনাথে কয়, "যদিও আমি মংগল গ্ৰহলৈ গৈছিলো, যিটো শুক্ৰ গ্ৰহতকৈ ওচৰত, কিন্তু মংগল গ্ৰহতকৈ ই অধিক প্ৰত্যাহ্বানমূলক । কিয়নো শুক্ৰৰ বায়ুমণ্ডলত পৃথিৱীতকৈ 100 গুণ বেছি চাপ আছে ।"

মহাকাশ এক্সপ’ৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাৰ লগতে মহাকাশ খণ্ডত বিনিয়োগৰ বাবে ষ্টাৰ্টআপসমূহে প্ৰকাশ কৰা আগ্ৰহৰ ওপৰতো সোমনাথে আনন্দ প্ৰকাশ কৰে ।

লগতে পঢ়ক: মহাকাশৰ পৰাই সংবাদমেল, কি ক'লে দুই আৱদ্ধ মহাকাশচাৰীয়ে ? - Sunita Williams

গগনযান উৎক্ষেপণৰ বাবে সতৰ্কতাৰে চলি আছে ভাৰতীয় মহাকাশচাৰীৰ প্ৰশিক্ষণ - Gaganyaan Mission

গগনযান অভিযান, ভাৰতৰ ৩ মহাকাশচাৰীয়ে ৩ দিন কটাব মহাকাশত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.