ETV Bharat / sports

22 ছেপ্টেম্বৰত ডিব্ৰুগড়ত অসম অলিম্পিক সন্থাৰ নিৰ্বাচন; একেটা দিনতে হ’ব বাৰ্ষিক সাধাৰণ সভা - ASSAM OLYMPIC ASSOCIATION ELECTION - ASSAM OLYMPIC ASSOCIATION ELECTION

Press meet of Assam Olympic Association: দেওবাৰে অনুষ্ঠিত হ’ব অসম অলিম্পিক সন্থাৰ নিৰ্বাচন ৷ এই নিৰ্বাচনক কেন্দ্ৰ কৰি সংবাদমেল সম্বোধন ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ৷ পঢ়ক বিতং খবৰ...

ASSAM OLYMPIC ASSOCIATION ELECTION
ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Sports Team

Published : Sep 21, 2024, 10:23 AM IST

মৰাণ, 21 ছেপ্টেম্বৰ: অসমক ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে অসম অলিম্পিক সন্থাই । এই সন্থা গঠন হোৱাৰ দিনৰে পৰা অনুষ্ঠিত হৈ আহিছে নিৰ্বাচন ৷ য’ৰ পৰা বাছি উলিওৱা হয় অসম অলিম্পিক সন্থাৰ সমিতিৰ বিষয়ববীয়াসকল ৷

পূৰ্বৰ দৰে এইবাৰো অসম অলিম্পিক সন্থাৰ নতুন সমিতি গঠনৰ বাবে 22 ছেপ্টেম্বৰত ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব বাৰ্ষিক সাধাৰণ অধিৱেশন । একেটা দিনতে ডিব্ৰুগড়ত অসম অলিম্পিক সন্থাৰ 2024-28 বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাখনো অনুষ্ঠিত হ'ব ।

ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সংবাদমেল (ETV Bharat Assam)

ইতিমধ্যে অসম অলিম্পিক সন্থাৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা । সেই অনুসৰি অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক, কোষাধ্যক্ষ, যুটীয়া সম্পাদক আৰু কাৰ্যনিৰ্বাহক পদৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন ।

ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগীয়া অসম অলিম্পিক সন্থাৰ নিৰ্বাচনক সন্দৰ্ভত শুকুৰবাৰে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই সম্বোধন কৰে এক সংবাদমেল ৷ জিলা ক্ৰীড়া সন্থাৰ সভাপতি কামাখ্যা শইকীয়া, সাধাৰণ সম্পাদক নিৰঞ্জন শইকীয়াৰ লগতে অন্যান্য ব্যক্তিসকল উপস্থিত থাকে এই সংবাদমেলত ।

সংবাদমেলখন সম্বোধন কৰি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই সদৰী কৰে যে ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া সাধাৰণ অধিৱেশনখনৰ বাবে পূৰ্ণগতিৰে চলোৱা হৈছে প্ৰস্তুতি । এই অধিৱেশনতে অসম অলিম্পিক সন্থাৰ বহু গুৰুত্বপূৰ্ণ পদৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন ।

ইতিমধ্যে এই সন্থাৰ সভাপতিৰ পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । অৱশ্যে এটা জ্যেষ্ঠ উপ-সভাপতি, 10 টা উপ-সভাপতি, এটা সাধাৰণ সম্পাদক, এটা কোষাধ্যক্ষ, 6 টা যুটীয়া সম্পাদক, 8 টা সহকাৰী সাধাৰণ সম্পাদক আৰু 15 টা কাৰ্যনিবাহক সদস্যৰ পদৰ বাবেহে দেওবাৰে নিৰ্বাচন অনুষ্ঠিত হ'ব" ।

ইফালে এই অধিৱেশনত ৰাজ্যৰ 33 খন জিলাৰ দুজনকৈ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব । শনিবাৰৰ পৰাই জিলা প্ৰতিনিধিসকল উপস্থিত হ'ব ডিব্ৰুগড়ত । সকলো প্ৰতিনিধিক আদৰাৰ বাবে ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে বুলিও লগতে জিলা ক্ৰীড়া সন্থাই সদৰী কৰে ৷

আনহাতে, 22 অক্টোবৰৰ পৰা 27 অক্টোবৰলৈকে ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগীয়া সৰ্বভাৰতীয় চাব জুনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাখনৰ প্ৰস্তুতিৰ সন্দৰ্ভতো বহু কথা ব্যক্ত কৰে সংবাদমেলত ৷ বিভিন্ন ৰাজ্যৰ খেলুৱৈয়ে এই প্ৰি-অলিম্পিকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা সদৰী কৰে জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলে ৷

এই ক্ৰীড়া প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ সম্ভাৱনা ব্যক্ত কৰে জিলা ক্ৰীড়া সন্থাই ৷

লগতে পঢ়ক: বিনা প্ৰতিদ্বন্দ্বিতাৰে পুনৰ অসম অলিম্পিক সন্থাৰ সভাপতি পদত সৰ্বানন্দ সোণোৱাল - Assam Olympic Association

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.