সূতা-কম্বল বিলাই মহিলাৰ মাজত কাজিয়া লগাইছিল কংগ্ৰেছে : ভৱেশ কলিতা - Assam BJP President Bhabesh Kalita

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 20, 2024, 10:04 PM IST

নলবাৰী, ২০ ছেপ্টেম্বৰ : শুকুৰবাৰে বিয়লি নলবাৰীত উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ৷ নলবাৰীত উপস্থিত হৈ সাংবাদিকৰ আগত কেবাটাও প্ৰসংগত কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অৰুণোদয় আঁচনি বন্ধ কৰি ন-লখিমী নামেৰে আঁচনি প্ৰস্তুত কৰি ৩ হাজাৰকৈ টকা মহিলাসকলক দিব বুলি কোৱা প্ৰসংগত ভৱেশ কলিতাই কয়, ‘‘কংগ্ৰেছে সূতা-কম্বল বিলাই অসমৰ মহিলাৰ মাজত কাজিয়া লগাই দিছিল ৷ ইমানদিনে আই-মাতৃসকলৰ কথা কিয় চিন্তা নকৰিলে কংগ্ৰেছে ? ভাৰত স্বাধীন হোৱাৰে পৰা শাসন কৰিছিল কংগ্ৰেছে ৷ কিয় আই-মাতৃসকলৰ সৱলীকৰণত লক্ষ্য নিদিলে ?’’

ভৱেশ কলিতাই কয়, ‘‘সৎপন্থাৰে ৰাজনীতি কৰক কংগ্ৰেছে ৷ কংগ্ৰেছৰ যদি বেলেগ ইছ্যু নাই, ঘৰত সোমাই থাকক ৷ ৰাহুল গান্ধীয়ে বিগত লোকসভা নিৰ্বাচনৰ সময়ত লোকসকলক ৮৫০০ টকাকৈ দিম বুলি কৈছিল । যদি কোনোবা এগৰাকী মহিলাই ৰাহুল গান্ধীৰ ৮৫০০ টকা পাইছে, দেখুৱাই দিয়ক ৷ ৰাহুল গান্ধীৰ পৰা টকা পোৱা লোকক গামোচা পিন্ধাম ।’’

আনহাতে শুকুৰবাৰে কংগ্ৰেছে বিজুলী ভৱন ঘেৰাও কৰি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাক লৈ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়, ‘‘সিহঁতে কিহতনো প্ৰতিবাদ নকৰে, বিৰোধীৰ এনে কাৰ্যত কোনো প্ৰতিক্ৰিয়া নিদিও ।’’

লগতে পঢ়ক : ৰাহুল গান্ধীৰ বিৰুদ্ধে দিছপুৰ থানাত বিজেপিৰ এজাহাৰ

বিজেপিৰ জৰিয়তে অসমৰ সৰ্বাংগীন উন্নয়ন হ’ব বুলি ৰাইজে বিশ্বাস কৰে: সোণোৱাল

২০২৬ ত শাসনলৈ আহিলে ন-লখিমীক আদৰিবলৈ অৰুণোদয় বন্ধ কৰিব কংগ্ৰেছে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.