ETV Bharat / business

আপুনি বেংকত কিমান নগদ লেনদেন কৰে ? এই নিয়মবোৰ জানি লওক নহ’লে দিব লাগিব জৰিমনা - Cash transaction rule - CASH TRANSACTION RULE

Restrictions on cash transaction : ভাৰতীয় অৰ্থনীতিত নগদ লেনদেনে সদায় এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ তাৰোপৰি নগদ টকাৰ আদান প্ৰদান ক'লা ধন বৃদ্ধিৰ এক মুখ্য কাৰণ ৷ যাৰ বাবে চৰকাৰে নগদ পৰিশোধৰ সীমা নিৰ্ধাৰণ কৰিছে । আজি আমি এই বাতৰিটোৰ জৰিয়তে জনাব খুজিছো যে নগদ ধন লোৱা আৰু দিয়াৰ নিয়মবোৰ কি ? সম্পূৰ্ণ পঢ়ক…

Restrictions on cash transaction
নগদ ধনৰ লেনদেন (Getty Image)
author img

By ETV Bharat Business Team

Published : Sep 20, 2024, 12:19 PM IST

নিউজ ডেস্ক, 20 ছেপ্টেম্বৰ : মোদী চৰকাৰে ডিজিটেল লেনদেনৰ প্ৰচাৰ, কৰ ফাঁকি নিয়ন্ত্ৰণ আৰু ধন আত্মসাৎ ৰোধৰ বাবে নগদ লেনদেনৰ ওপৰত কঠোৰ নিয়ম প্ৰস্তুত কৰিছে । আয়কৰ অধিনিয়মে নগদ জমা, উলিওৱা আৰু ব্যয়ৰ ওপৰত এক নিৰ্দিষ্ট সীমা আৰোপ কৰে, যাৰ পালন নকৰিলে জৰিমনাৰ ব্যৱস্থা আছে ।

  • নগদ ধন লেনদেনৰ ক্ষেত্ৰত প্ৰযোজ্য কিছুমান সীমাবদ্ধতা
  1. নগদ প্ৰাপ্তিৰ সীমা-আয়কৰ আইনৰ ধাৰা 269 ST ৰ অধীনত, কোনো ব্যক্তিক নগদ 2 লাখ টকা বা অধিক পৰিমাণৰ ধন লাভ কৰাৰ অনুমতি দিয়া নহয় ।
  2. এদিনত এজন ব্যক্তিৰ পৰা সৰ্বমুঠ ২ লাখ বা ততোধিক টকাৰ নগদ ধন লোৱাৰ অনুমতি দিয়া নহয় ।
  3. এটা লেনদেনৰ ক্ষেত্ৰত ।
  4. কাৰোবাৰ পৰা কোনো ঘটনা বা বিষয় জড়িত লেনদেনৰ ক্ষেত্ৰত ।

এই নিয়মৰ আওতাৰ বাহিৰত আছে একাউণ্ট পেয়ী চেক/ড্ৰাফ্ট, ইলেক্ট্ৰনিক ক্লিয়াৰিং প্ৰণালী (ECS) বা চৰকাৰ, বেংক, ডাকঘৰ আৰু আন কিছুমান নিৰ্দিষ্ট প্ৰতিষ্ঠানৰ পৰা প্ৰাপ্ত নগদ ধন । ধাৰা 269 ST উলংঘন কৰিলে প্ৰাপ্ত নগদ ধনৰ পৰিমাণৰ সমান জৰিমনা হ’ব পাৰে ।

  • নগদ ধন উলিওৱাৰ সীমা আৰু টিডিএছ
  1. নগদ ধন উলিওৱাৰ বাবে, আয়কৰ আইনৰ ধাৰা 194N অনুসৰি নিম্নলিখিত সীমা আৰু টিডিএছ হাৰ প্ৰযোজ্য হয় ।
  2. যদি এটা বিত্তীয় বৰ্ষত মুঠ নগদ ধন উলিওৱাৰ পৰিমাণে 1 কোটি টকা অতিক্ৰম কৰে, তেন্তে 2 শতাংশ টিডিএছ প্ৰযোজ্য ।
  • বিগত তিনি বছৰ ধৰি আয়কৰ ৰিটাৰ্ণ দাখিল নকৰা ব্যক্তিসকলৰ বাবে :
  1. 20 লাখ টকাৰ ওপৰত উলিওৱাৰ বাবে 2% টিডিএছ
  2. 1 কোটি টকাৰ ওপৰত উলিওৱাৰ বাবে 5% টিডিএছ
  3. চৰকাৰ, বেংক, ডাকঘৰৰ দৰে কিছুমান প্ৰতিষ্ঠানক এই টিডিএছ ব্যৱস্থাবোৰৰ পৰা ৰেহাই দিয়া হৈছে
  • নগদ জমাৰ সীমা

ছেভিংছ একাউণ্ট থকাৰ ক্ষেত্ৰত, এটা বিত্তীয় বৰ্ষৰ ভিতৰত 10 লাখ টকা বা অধিক নগদ জমা কৰাটো কৰ্তৃপক্ষক জনোৱাটো প্ৰয়োজন । কাৰেণ্ট একাউণ্টৰ বাবে, এই সীমা 50 লাখ টকাতকৈ অধিক ৷

যদিও এই জমাবোৰত তাৎক্ষণিকভাৱে কৰ আৰোপ কৰা নহয়, বিত্তীয় প্ৰতিষ্ঠানবোৰে এনে ধৰণৰ লেনদেনবোৰ নিৰীক্ষণৰ উদ্দেশ্যে আয়কৰ বিভাগক জনোৱাটো বাধ্যতামূলক ।

  • নগদ ঋণৰ ওপৰত প্ৰতিবন্ধকতা
  1. আয়কৰ আইনে ধাৰা 269 SS আৰু 269 T ৰ জৰিয়তে নগদ ঋণ ব্যৱস্থাও নিয়ন্ত্ৰণ কৰে ।
  2. ধাৰা 269 SS এ 20,000 টকাৰ অধিক নগদ ঋণ গ্ৰহণ কৰাটোত বাধা আৰোপ কৰে ।
  3. ধাৰা 269T এ 20,000 টকাৰ অধিক নগদ ঋণ পৰিশোধ কৰাটোত বাধা আৰোপ কৰে ।
  4. এই নিয়ম উলংঘা কৰিলে ঋণৰ পৰিমাণৰ সমান জৰিমনা হ'ব পাৰে ।
  • নগদ উপহাৰ আৰু ফিক্সড ডিপজিট
  1. বিত্তীয় বৰ্ষত 50,000 টকাৰ কম নগদ উপহাৰ কৰৰ পৰা ৰেহাই দিয়া হয় । অৱশ্যে, এই সীমাৰ ওপৰত অ-আত্মীয়ৰ পৰা প্ৰাপ্ত উপহাৰবোৰ কৰযোগ্য ।
  2. ফিক্সড ডিপজিটৰ বাবে কোনো সৰ্বাধিক নগদ সীমা নাই, কিন্তু যদি সুদৰ উপাৰ্জনে এজন ব্যক্তিৰ ক্ষেত্ৰত 40,000 টকা আৰু জ্যেষ্ঠ নাগৰিকৰ ক্ষেত্ৰত 50,000 টকা অতিক্ৰম কৰে, তেন্তে 10 শতাংশ হাৰত টিডিএছ প্ৰযোজ্য ।

লগতে পঢ়ক : EPFO ৰ সীমা বৃদ্ধি, অৱসৰৰ সময়ত লাভ কৰিব ১ কোটি টকা - EPFO wage ceiling

লগতে পঢ়ক : সঘনাই একাউণ্টৰ পৰা নগদ ধন জমা আৰু উলিয়াই নেকি; এই ক্ষেত্ৰত আয়কৰ নিয়মে কি কয় ? চাও আহক - Cash Transaction

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.