ETV Bharat / state

ক'ৰবাত সফল হৈছো, ক'ৰবাত বিফল হৈছো : বিদায়ী আৰক্ষী আয়ুক্ত দিগন্ত বৰা - GUWAHATI POLICE COMMISSIONER

মহানগৰীত ২০২০ চনত গোচৰৰ সংখ্যা আছিল ৩৫ হাজাৰ । বৰ্তমান হৈছে ৪২০০ টা ।

Press conference of outgoing Police Commissioner
গুৱাহাটীৰ বিদায়ী আৰক্ষী আয়ুক্ত দিগন্ত বৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 3, 2025, 10:44 PM IST

গুৱাহাটী : গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে শুক্ৰবাৰে অন্তিমখন সংবাদমেল সম্বোধন কৰে আই পি এছ বিষয়া দিগন্ত বৰাই । দুবছৰৰো অধিক সময় গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ দায়িত্ব পালন কৰা দিগন্ত বৰাক আৰক্ষীৰ বিশেষ শাখাৰ আই জি পি হিচাপে বদলি কৰা হৈছে ।

আনহাতে, পাৰ্থসাৰথি মহন্তক গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে ।

গুৱাহাটীৰ বিদায়ী আৰক্ষী আয়ুক্ত দিগন্ত বৰা (ETV Bharat Assam)

আজি সংবাদমেল যোগে বিদায়ী আৰক্ষী আয়ুক্ত দিগন্ত বৰাই দুবছৰীয়া কাৰ্যকালত আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে সকলোৰে প্ৰতি ধন্যবাদ জ্ঞাপন কৰে । সংবাদিকৰে মত-বিনিময় কৰি তেওঁ কয়, " বিগত সময়ত যিমান পাৰো ৰাইজৰ সেৱা কৰিবলৈ চেষ্টা কৰিছো । ক'ৰবাত সফল হৈছো আৰু ক'ৰবাত বিফল হৈছো । আমি চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই । বিগত দুবছৰত আমি আমাৰ কৰ্তব্য অতি নিষ্ঠাৰে পালনৰ চেষ্টা কৰি আহিছো । আমি বহুক্ষেত্রত সফলো হৈছো আৰু কোনো কোনো ক্ষেত্রত আমি সিমান সফল হ'ব পৰা নাই । গুৱাহাটী পুলিচৰ প্ৰতিজন বিষয়া-কৰ্মচাৰীয়ে নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ চেষ্টা কৰি আহিছে । গুৱাহাটীবাসীক সেৱা কৰাৰ সুযোগ পোৱা বাবে নিজকে ধন্য মানিছো ।"

বিদায়ী আৰক্ষী আয়ুক্তগৰাকীয়ে লগতে কয়, "বিগত পাঁচ বছৰত গুৱাহাটী মহানগৰীত অপৰাধ যথেষ্ট পৰিমাণে নিৰ্মূল হৈছে । দোষী সাব্যস্তকৰণৰ হাৰ বৃদ্ধি পাইছে । গোচৰ পঞ্জীয়নৰ সংখ্যা কমিছে । আনহাতে, বিগত দুবছৰত বহু পুৰণি গোচৰ তদন্তকাৰী বিষয়াসকলে তদন্ত কৰি এটা গতি দিবলৈ সক্ষম হৈছে । এটা সময় আছিল যেতিয়া এজন তদন্তকাৰী বিষয়াৰ ওপৰত ৪০০-৫০০ গোচৰৰ বোজা আছিল । ফলত গোচৰবোৰ ভালদৰে চাব পৰা নাছিল । কিন্তু বৰ্তমান সেইটো কমাই অনা হৈছে । ২০২০ চনত গোচৰৰ সংখ্যা আছিল ৩৫ হাজাৰ । সেইটো কমাই আনি বৰ্তমান ৪২০০ হৈছে । এইটো এটা আমাৰ ডাঙৰ সফলতা বুলি ক'ব পাৰো ।" সংবাদমেলত তেওঁ গুৱাহাটী আৰক্ষীৰ বহুকেইটা সফলতাৰ কথা উল্লেখ কৰে ।

লগতে পঢ়ক:ৰাজভৱন ঘেৰাও কাৰ্যসূচী: প্ৰতিবাদকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু মহানগৰ আৰক্ষীৰ - CONGRESS PROTEST IN GUWAHATI

কংগ্ৰেছৰ প্ৰতিবাদত অধিবক্তাৰ মৃত্যু: কি ক'লে আৰক্ষী আয়ুক্তই ? - GUWAHATI CONGRESS PROTEST TRAGEDY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.