ETV Bharat / state

মণিপুৰত কুকি-মেইটেৰ সংঘাটে প্ৰভাৱ পেলাইছে কৃষিখণ্ডত - KUKI MATE CRISIS IN MANIPUR

ৰোহিংগীয়াৰ প্ৰব্ৰজনে মণিপুৰত সৃষ্টি কৰিছে অগ্নিগৰ্ভা পৰিস্থিতিৰ । গাহৰি পালনৰে আত্মনিৰ্ভৰশীল হোৱা খেতিয়কৰ ক্ষোভ ।

Kuki Mate crisis in Manipur
অসম কৃষি বিশ্ববিদ্যালয়ত কৃষি মেলা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 5, 2025, 7:26 PM IST

যোৰহাট: মণিপুৰত হিংসাত্মক পৰিস্থিতি অব্যাহত আছে । এই অগ্নিগৰ্ভা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নিতৌ সংঘৰ্ষৰ ঘটনাই মানুহক শংকিত কৰি আহিছে । এনে পৰিস্থিতিৰ মাজতেই অনুপ্ৰৱেশকাৰীৰ সমস্য়াই জটিল ৰূপ ধাৰণ কৰিছে । মণিপুৰত চুবুৰীয়া দেশ ম্যানমাৰৰ পৰা অনুপ্ৰৱেশ হোৱাত ৰাজ্য়খনৰ জনজীৱন কৰিছে বিপন্ন । এতিয়াও ঠায়ে ঠায়ে নতুনকৈ হিংসা আৰম্ভ হৈয়ে আছে ।

এবছৰ ধৰি অশান্ত জৰ্জৰ মণিপুৰত কুকি আৰু মেইটে সম্প্ৰদায়ৰ মাজত সংঘাত চলি আছে । দুই সম্প্ৰদায়ৰ সংঘাটে ৰাজ্য়খনৰ কৃষিৰ লগতে ব্যৱসায়, বাণিজ্য ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলাইছে । যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত আঞ্চলিক কৃষি মেলাত অংশগ্ৰহণ কৰি এই বিষয়ে ব্য়াখ্য়া আগবঢ়ালে দুগৰাকী মণিপুৰী কৃষকে ।

অসম কৃষি বিশ্ববিদ্যালয়ত কৃষি মেলা (ETV Bharat Assam)

ৰাজ্য়খনৰ অশান্ত পৰিস্থিতিৰ মাজতেই একাংশ যুৱক-যুৱতীয়ে কৃষিকৰ্মত নিজকে ব্য়স্ত কৰি ৰাখিছে । অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত আঞ্চলিক কৃষি মেলাত অংশগ্ৰহণ কৰি গাহৰি পালনৰে আত্মনিৰ্ভৰশীল হোৱা প্ৰগতিশীল মহিলা খেতিয়ক কংবামা ইন্দিৰা দেৱীয়ে কয়, "মণিপুৰত যি অশান্ত পৰিৱেশৰ সৃষ্টি হৈ আছে তাৰ কাৰণে গাহৰি পালকৰ লগতে অন্য়ান্য কৃষি কাৰ্যত জড়িত লোকসকল ক্ষতিগ্ৰস্ত হৈছে । মণিপুৰৰ পৰিস্থিতি আজিও বহু কঠিন হৈ আছে । শীঘ্ৰে এই পৰিৱেশৰ অৱসান হোৱাটো বিচাৰিছো ।"

অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত আঞ্চলিক কৃষি মেলাত অংশগ্ৰহণ কৰা মণিপুৰৰ যুৱক এজনে কয়, "মণিপুৰত ব্লেক ৰাইচ, ফল-মূল আদি অধিক উৎপাদন হয় ৷ কিন্তু মণিপুৰত হৈ থকা অশান্ত জৰ্জৰ পৰিৱেশৰ বাবে প্ৰায়েই ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ থকাত কৃষকসকল বৃহৎ লোকচানৰ সন্মুখীন হৈ আহিছে । এই সমূহ উৎপাদিত সামগ্ৰী ৰপ্তানি কৰিব নোৱৰা বাবে ব্যৱসায়-বাণিজ্যত তীব্ৰ হাৰত ক্ষতি আৰু লোকচানৰ সন্মুখীন হৈ আহিছে ।"

আনহাতে, মণিপুৰত অশান্ত জৰ্জৰ পৰিৱেশ এন বীৰেণ সিং নেতৃত্বাধীন চৰকাৰে মোকাবিলা কৰিব পাৰিছে নেকি বুলি সোধা প্ৰশ্ন উত্তৰত তেওঁ কয়, "চৰকাৰে এই পৰিস্থিতি নিৰাময়ৰ বাবে কাম কৰি আছে যদিও আৰু ভালদৰে কাম কৰিব লাগিব । মণিপুৰত কুকি আৰু মেইটে সম্প্ৰদায়ে পূৰ্বতে মিলাপ্ৰীতিৰে বাস কৰি আহিছিল, কিন্তু হঠাৎ এই পৰিৱেশ সূচনা হয় । আমাৰ লোক মৰিলে মণিপুৰৰহে লোকচান হ'ব, বেলেগৰ নহয় । কাৰণ ম্যানমাৰৰ পৰা অহা শৰণাৰ্থীৰ অবাধ হাৰত হোৱা প্ৰব্ৰজন, বিশেষকৈ ম্যানমাৰৰ পৰা মণিপুৰলৈ ৰোহিংগীয়াৰ অবাধ প্ৰব্ৰজনে মণিপুৰত এই পৰিস্থিতিৰ সৃষ্টি কৰিছে । লগতে এই নতুন বৰ্ষত মণিপুৰৰ যি অগ্নিগৰ্ভা পৰিস্থিতি সেয়া অৱসান ঘটিব ।"

লগতে পঢ়ক:মণিপুৰ আকৌ জ্বলিল: ক্ষুব্ধ জনতা-আৰক্ষীৰ সংঘৰ্ষ, আহত আৰক্ষী অধীক্ষক - MANIPUR VIOLENCE

ৰাজ্যবাসীৰ ওচৰত দুখ প্ৰকাশ কৰি ২০২৫ চনত শান্তি স্থাপনৰ আহ্বান মণিপুৰৰ মুখ্যমন্ত্ৰীৰ - BIREN SINGH TO MANIPUR PEOPLE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.