ETV Bharat / international

হাছিনাৰ ভাষণে জ্বলালে জুই: 'বংগবন্ধু' মুজিবুৰ ৰহমানৰ ঘৰ জ্বলাই দিলে বিক্ষোভকাৰীয়ে - SHEIKH MUJIBUR RAHMAN

বাংলাদেশত পুনৰ প্ৰতিবাদৰ অগনি । এইবাৰ এই অগ্নিত জাহ গ'ল বাংলাদেশ মুক্তি সংগ্ৰামৰ মহান নেতা মুজিবুৰ ৰহমানৰ বাসগৃহ । জীয়াৰীৰ ভাষণে জ্বলালে জুই ।

fire at Mujibur Rahmans residence
বংগবন্ধু মুজিবুৰ ৰহমানৰ ঘৰত অগ্নিসংযোগ প্ৰতিবাদকাৰীৰ (AP)
author img

By PTI

Published : Feb 6, 2025, 9:41 AM IST

Updated : Feb 6, 2025, 10:06 AM IST

নতুন দিল্লী : বুধবাৰে এক বৃহৎ প্ৰতিবাদকাৰী দলে বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবুৰ ৰহমানৰ ঢাকাস্থিত বাসগৃহত আক্ৰমণ কৰি জ্বলাই দিয়ে । তেওঁৰ জীয়াৰী তথা দেশখনৰ ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ এক ভাষণৰ পোনপটীয়া সম্প্ৰচাৰৰ সময়তে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় ।

প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে, ৰাজধানীৰ ধানমণ্ডি অঞ্চলত থকা ঘৰটোৰ সন্মুখত কেইবা হাজাৰ লোক সমবেত হয় । উল্লেখ্য যে এই বাসগৃহটো পূৰ্বতে এক স্মাৰক সংগ্ৰহালয়লৈ ৰূপান্তৰ কৰা হৈছিল । আনহাতে, হাছিনাই বুধবাৰে নিশা ৯ বজাত (বাংলাদেশ স্থানীয় সময়) অনলাইন ভাষণ দিয়াৰ কথা আছিল বাবে ইয়াৰ প্ৰতিবাদত সামাজিক মাধ্যমযোগে এক 'বুলড'জাৰ ৰেলী'ৰ আহ্বান জনোৱা হয় ।

হাছিনাই বৰ্তমান ভংগ কৰা আৱামী লীগৰ ছাত্ৰ সংগঠন ছাত্ৰ লীগৰ দ্বাৰা আয়োজিত এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি দেশবাসীক বৰ্তমান শাসনৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিবলৈ আহ্বান জনায় ।

বৈষম্যবিৰোধী ছাত্ৰ আন্দোলনৰ ফলত গঠন হোৱা নোবেল বঁটাবিজয়ী মহম্মদ ইউনুছৰ বৰ্তমানৰ শাসন সন্দৰ্ভত হাছিনাই কয়, "তেওঁলোকৰ এতিয়াও ৰাষ্ট্ৰীয় পতাকা, সংবিধান আৰু বুলড'জাৰেৰে লাখ লাখ শ্বহীদৰ জীৱনৰ মূল্যত আমি অৰ্জন কৰা স্বাধীনতা ধ্বংস কৰাৰ শক্তি বাকী আছে ।"

তেওঁ লগতে কয়, "তেওঁলোকে এটা অট্টালিকা ভাঙিব পাৰে, কিন্তু ইতিহাস নহয়... কিন্তু তেওঁলোকে এইটোও মনত ৰাখিব লাগিব যে ইতিহাসে ইয়াৰ প্ৰতিশোধ লয় ।"

ছাত্ৰ আন্দোলনটোৱে পূৰ্বতে বাংলাদেশৰ ১৯৭২ চনৰ সংবিধান বাতিল কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিয়নো তেওঁলোকে এই সংবিধানক 'মুজিবুৰবাদী সংবিধান' আখ্যা দিছিল আৰু ইয়াক সমাধিস্থ কৰাৰ প্ৰতিশ্ৰুতি দিছিল । আনহাতে, অতি সোঁপন্থী কিছু গোটে আকৌ শ্বেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত স্বাধীনতাৰ পিছৰ চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় সংগীত সলনি কৰাৰো পৰামৰ্শ দিয়ে ।

এই ঘৰটো বাংলাদেশৰ ইতিহাসত এক প্ৰতিষ্ঠিত প্ৰতীক হৈ পৰিছিল । কিয়নো শ্বেখ মুজিবুৰ ৰহমানে এই ঘৰটোৰ পৰাই কেইবা দশক ধৰি স্বাধীনতাৰ পূৰ্বৰ আন্দোলনৰ নেতৃত্ব দিছিল । আনহাতে, আৱামী লীগৰ ক্ৰমাগত শাসনকালত ইয়াক ৰাষ্ট্ৰীয় সংগ্ৰহালয়লৈ পৰিৱৰ্তন কৰা হৈছিল । তাৰ পিছৰে পৰা বিদেশী ৰাষ্ট্ৰপ্ৰধান বা গণ্যমান্য ব্যক্তিসকলে ৰাষ্ট্ৰীয় প্ৰট'কল হিচাপে এই ঘৰটো ভ্ৰমণ কৰি আহিছে ।

৩২ ধানমণ্ডিৰ বাসগৃহটোত ইয়াৰ পূৰ্বে যোৱা বছৰৰ ৫ আগষ্টতো জ্বলাই দিয়া হৈছিল । সেই সময়তে হাছিনাৰ প্ৰায় ১৬ বছৰীয়া আৱামী লীগ শাসনৰ পৰা উৎখাত হৈছিল আৰু তেওঁ কনিষ্ঠ ভগ্নী শ্বেখ ৰেহানাৰ সৈতে বাংলাদেশ বায়ুসেনাৰ বিমানেৰে গোপনে দেশ ত্যাগ কৰিছিল ।

ইফালে হাছিনাই কৈছিল যে তেওঁ আৰু তেওঁৰ একমাত্ৰ জীৱিত ভগ্নীয়ে তেওঁলোকৰ পৈতৃক ঘৰটো ৰাজহুৱা সম্পত্তি হিচাপে এটা ট্ৰাষ্টলৈ দান কৰিছে । তাৰ পিছত এই ভৱনটোক বংগবন্ধু স্মাৰক সংগ্ৰহালয়লৈ পৰিৱৰ্তন কৰা হৈছিল । কিয়নো শ্বেখ মুজিবুৰ ৰহমানক ১৯৬০ ৰ দশকৰ শেষৰ ফালৰ পৰা 'বংগবন্ধু' আখ্যা দিয়া হৈছিল । ১৯৬৯ চনত পাকিস্তানৰ পৰা স্বাধীনতাৰ বাবে আৰম্ভ কৰা তেওঁৰ আন্দোলন এক গণ উত্থানলৈ পৰিণত হৈছিল বাবে তেওঁক এই উপাধি প্ৰদান কৰা হৈছিল ।

কিন্তু হাছিনা আৰু ৰেহানা জাৰ্মানীত থকা অৱস্থাত ১৯৭৫ চনৰ ১৫ আগষ্টত কনিষ্ঠ বা মধ্যপদস্থ সামৰিক বিষয়াৰ এটা দলৰ অভ্যুত্থানত তেওঁক আৰু তেওঁৰ পৰিয়ালৰ বেছিভাগ সদস্যকে হত্যা কৰা হৈছিল ।

"আজি এই ঘৰটো ভাঙি পেলোৱা হৈছে । ই কি অপৰাধ কৰিছিল ? তেওঁলোকে ঘৰটোক কিয় ইমান ভয় কৰিছিল... মই দেশৰ জনসাধাৰণৰ পৰা ন্যায় বিচাৰো । মই আপোনালোকৰ বাবে একোৱে কৰা নাইনে ?" হাছিনাই কয় ।

আনহাতে, প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে প্ৰতিবাদকাৰীসকলক সৈমান কৰিবলৈ ঘটনাস্থলীলৈ সেনাৰ এটা দল আহিছিল যদিও প্ৰতিবাদকাৰীক দমন কৰাত বিফল হৈছিল ।

প্ৰতিবাদকাৰীসকলে প্ৰথমে ভৱনটোৰ সীমাৰ দেৱালত থকা নেতাগৰাকীৰ এটা মূৰ্তি ক্ষতিগ্ৰস্ত কৰে ।

ইফালে বৈষম্যবিৰোধী ছাত্ৰ আন্দোলনৰ এজন গুৰুত্বপূৰ্ণ সংগঠক আব্দুল হান্নান মাছুদে আৱামী লীগৰ প্ৰাক্তন সাংসদ আৰু মন্ত্ৰীসকলৰ সকলো বাসগৃহ ধ্বংস কৰাৰ আহ্বান জনাই উক্ত স্থানসমূহত নতুন ভৱন নিৰ্মাণৰ প্ৰস্তাৱ দি ফেচবুকত এটা পোষ্ট দিয়ে ।

ইয়াৰ উপৰি দিনটোৰ আৰম্ভণিতে মঞ্চৰ আহ্বায়ক হাছনাত আব্দুল্লাই বাংলাদেশৰ সংবাদ মাধ্যমসমূহক হাছিনাৰ ভাষণ সম্প্ৰচাৰৰ বিৰুদ্ধে সতৰ্ক কৰি দিয়ে আৰু কয় যে ইয়াক তেওঁৰ কাৰ্যসূচীক সুবিধা প্ৰদান কৰা হিচাপে দেখা যাব ।

লগতে পঢ়ক :চীন, কানাডা আৰু মেক্সিকোৰ বিৰুদ্ধে কঠোৰ ট্ৰাম্প - DONALD TRUMP TARIFF
লগতে পঢ়ক :উৰণৰ সময়তে বিমানত লাগিল জুই - HOUSTON AIRLINES PLANE CATCHES FIRE

Last Updated : Feb 6, 2025, 10:06 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.