ধুবুৰী : অসমৰ বিভিন্ন জিলাত থকা কাৰাগাৰৰ ভিতৰত মহিলা কৰ্মচাৰী সুৰক্ষিত নহয় বুলি সময়ে সময়ে অভিযোগ উত্থাপিত হৈ আহিছে । কাৰাগাৰৰ ভিতৰত বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ চলি থকাৰো অভিযোগ উঠিছে ।
কাৰাগাৰৰ ভিতৰৰে একাংশ কৰ্মচাৰীৰ লগতে জেল ফেৰত লোকে এনে ঘটনাৰ বিৰুদ্ধে ঘটাইছে বিস্ফোৰণ । চৰকাৰে কৰ্মক্ষেত্ৰত মহিলাসকলৰ সুৰক্ষাৰ বিষয়ে গুৰুত্ব প্ৰদান কৰাৰ সময়তেই কাৰাগাৰৰ অধীক্ষকৰ বিৰুদ্ধে কাৰাপ্ৰহৰীয়ে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ পিচতো ভুক্তভোগীয়ে লাভ কৰা নাই ন্য়ায় ।
সমগ্ৰ অসম কঁপোৱা ধুবুৰীৰ কাৰাগাৰ-কাণ্ডক লৈ সৃষ্টি হৈছে ৰহস্যৰ । দীর্ঘদিনৰ অন্তত দেওবাৰে ধুবুৰী কাৰাগাৰত নিৰ্যাতিতা মহিলা ৱাৰ্ডেন উপস্থিত হোৱাৰ পিচতেই তেওঁ আজিলৈকে কোনো ন্য়ায় পোৱা নাই বুলি মন্তব্য় কৰি উজাৰিলে ক্ষোভ । ধুবুৰীৰ পৰা নলবাৰীলৈ বদলি কৰাৰ পাছতেই আজি ৰিলিজ অৰ্ডাৰ লোৱাৰ বাবে ধুবুৰীৰ কাৰাগাৰত উপস্থিত হয় ভুক্তভোগী ৱাৰ্ডেনগৰাকী ।
উচ্চপদস্থ বিষয়াৰ তদন্ত লগতে মহিলা আয়োগৰ আগমনৰ পাছতো আজিলৈকে চকী নলৰিল ধুবুৰী কাৰাগাৰৰ অধীক্ষক প্ৰশান্ত ৰাজবংশীৰ । বৰং এই ঘটনাটো গাপ দিয়াৰ বাবেই বৃহৎ পৰিমাণৰ টকাৰ বিনিময়ত সকলোকে মেনেজ কৰাৰ অভিযোগ উঠিছে প্ৰশান্ত ৰাজবংশীৰ বিৰুদ্ধে । সকলো তথ্য থকাৰ পাছতো আজিলৈকে চকী নলৰিল অধীক্ষকগৰাকীৰ ।
ভুক্তভোগীৰ ক্ষোভ:
এই প্ৰসংগত আজি ভুক্তভোগী ৱাৰ্ডেনগৰাকীয়ে কয়, "ভিতৰত থকা যাৱতীয় বস্তু মই নিবলৈ আহিছিলো । মোক ৰিলিজ কপিটো দিয়া নাছিল, সেইখন নিব আহিছিলো । মোক নলবাৰী কাৰাগাৰলৈ বদলি কৰিছে । তেওঁৰ যৌন নিৰ্যাতনত অতিষ্ঠ হৈ মই নলবাৰীলৈ যাবলৈ বাধ্য় হ'লো । তেওঁৰ আজিলৈকে একোৱেই নহ'ল । তেওঁৰ বিৰুদ্ধে মই বহুতো তথ্য় দিলো । ইয়াৰ পিচতো তেওঁৰ বিৰুদ্ধে আজিলৈকে কোনো ধৰণৰ ব্য়ৱস্থা গ্ৰহণ নকৰিলে ।"
ইপিনে, মহিলা আয়োগৰ পৰাও কোনো সুদূত্তৰ নোপোৱা বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰি কয়, "তদন্তৰ পিচত মই ন্য়ায় পাম বুলি ভাবিছিলো যদিও নাপালো । সমগ্ৰ ঘটনাটো গাপ দিবলৈ চেষ্টা কৰিছে । জিলা আয়ুক্ত ছাৰকো মই অৱগত কৰাত আয়ুক্তও এই ঘটনাটো গাপ দিবলৈ উঠিপৰি লাগে । আনকি অভিযুক্তই মোক টকাৰে মেনেজ কৰিবলৈ চেষ্টা কৰিছিল । প্ৰশান্ত ৰাজবংশীৰ হৈ ভাবুকি প্ৰদান কৰা আলোকেশ ৰায় আৰু জেহাৰুল হক বিৰুদ্ধে আজিও পঞ্জীয়ন নহ'ল ৰুজু কৰা গোচৰ । "
কাৰাগৰতেই ড্ৰাগছ বেহা:
আনহাতে, ধুবুৰীৰ কাৰাগৰত ৮ মাহ কাৰাবাস খাটি ওলাই অহা এজন লোকে কয়, "কয়েদী মজিবুৰৰ হতুৱাই ধুবুৰী কাৰাগাৰৰ অধীক্ষক প্ৰশান্ত ৰাজবংশীয়ে কাৰাগাৰৰ ভিতৰত চলাইছে ড্ৰাগছ, জুৱাৰ অবাধ বেহা ।"