ETV Bharat / state

ধেমাজিৰ জলাশয়ত নাই পৰিভ্ৰমী পক্ষীৰ কোলাহল - MIGRATORY BIRDS IN DHEMAJI

বিন্দনীয়া নিৰিবিলি পৰিৱেশত পৰিভ্ৰমী পক্ষীৰ বিচৰণ আছিল যদিও এইবাৰ নাই শীতৰ আলহী । কাৰণ কি জানিবলৈ পঢ়ক..

Migratory Birds
নাই পৰিভ্ৰমী পক্ষীৰ কোলাহল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 5, 2025, 8:17 PM IST

Updated : Jan 5, 2025, 8:26 PM IST

ধেমাজি: আজি ৰাষ্ট্ৰীয় পক্ষী দিৱস ৷ পক্ষীকুলৰ সংৰক্ষণ আৰু এই সম্পৰ্কে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্য পাঁচ জানুৱাৰী দিনটো ৰাষ্ট্ৰীয় পক্ষী দিৱস হিচাপে পালন কৰা হয় । এতিয়া প্ৰকৃতি সংৰক্ষণৰ লগতে পৰিভ্ৰমী পক্ষী সংৰক্ষণতো গুৰুত্ব আৰোপ কৰিবলৈ সকলোকে আহ্বান জনোৱাৰ পিচতো নিধন হৈ আছে পক্ষী । সেয়েহে এই দিনটোত মানুহক চৰাইৰ বাসস্থান সুৰক্ষিত কৰাৰ প্ৰচেষ্টা সম্পৰ্কে সজাগ কৰিবলৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় ।

চৰাইৰ পৰিভ্ৰমণ, প্ৰকৃতিৰ এক আশ্চৰ্যকৰ পৰিঘটনাৰ ভিতৰত অন্যতম ৷ চৰাইৰ পৰিভ্ৰমণ বুলিলে সততে মনলৈ আহে চৌদিশে কলৰৱ তুলি জাকপাতি উৰি যোৱা সেই চৰাইবোৰৰ কথা ৷ বিশেষকৈ শীতৰ সময়ত এই চৰাইবোৰৰ আগমণ ঘটে কিছুমান নিৰ্দিষ্ট স্থানলৈ । এতিয়া পিছে প্ৰাকৃতিক জৈৱ বৈচিত্ৰ্যৰে ভৰা জলাশয় আৰু আৰ্দ্ৰভূমি ক্ৰমান্বয়ে নোহোৱা হৈ অহাৰ পৰিপ্ৰেক্ষিতত খাদ্য আৰু প্ৰজনন বাবে ঠাইৰ অভাৱ হৈছে পক্ষীকুলৰ ।

নাই পৰিভ্ৰমী পক্ষীৰ কোলাহল (ETV Bharat Assam)

আনহাতে, ওখ ওখ গছ-গছনি কাটি তহিলং কৰাৰ ফলত পক্ষীকূলৰ আৱাসস্থলীৰ অভাৱ ঘটিছে । যাৰ ফলত বিভিন্ন বিপন্ন প্ৰজাতিৰ চৰাইৰ লগতে স্থানীয় বিভিন্ন পক্ষীকুলৰ বাবে নামি আহিছে সংকট । আচৰিত কথা যে তাৰ পিছতো জনসাধাৰণৰ মাজত পক্ষী সংৰক্ষণক লৈ সজাগতা বিশেষভাৱে হোৱা নাই ৷ এইক্ষেত্ৰত ধেমাজিৰ নেৰ্চাছ বেকন নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনৰ সদস্য যুগল সন্দিকৈয়ে কয়, “ ধেমাজিৰ বাবে অতি বেয়া খবৰ যে আগতে শীতৰ সময়ত ধেমাজিৰ বিভিন্ন জলাশয়তত জাক জাক পৰিভ্ৰমী চৰাইৰ জলকেলিত বাটৰুৱাই ৰ লাগি চাইছিল ৷ বিশেষকৈ ধেমাজি জিলাৰ গাই নদী, পাভমাৰী, লেচিয়া আদিত আলহী পক্ষীয়ে বিচৰণ কৰিছিল । কিন্তু এতিয়া ধেমাজিলৈ আলহী পক্ষীৰ আগমন নোহোৱা হ’ল ৷"

তেওঁ পুনৰ কয়, "আৰ্দ্ৰভূমি আৰু জলাশয় নোহোৱা হৈ অহা বাবে পক্ষীৰ অহাটো হ্ৰাস পাইছে ৷ কাৰণ প্ৰকৃতি কাৰণতকৈ মানুহৰ জিজ্ঞাসামূলক কাৰণৰ বাবে জলাশয় আৰু অৰণ্য ধ্বংসৰ ফলত চৰাইৰ বাবে আৱাসথলী নোহোৱা হৈ আহিছে ৷ এগৰাকী প্ৰকৃতি কৰ্মী হিচাপে লক্ষ্য় কৰিছো পক্ষীও যে আমাক লাগে সেই চেতনা মানুহৰ মনত জাগ্ৰত নোহোৱালৈকে এই দিৱসৰ সাৰ্থকতা নাথাকিব ৷“

চৰাইৰ সংৰক্ষণত বন বিভাগৰ গুৰুত্ব নাই :

ইপিনে, অৰণ্য সৃষ্টিৰ জৰিয়তে পক্ষী সংৰক্ষণত বন বিভাগে গুৰুত্ব নিদিয়া বুলি সমালোচনা কৰি যুগল সন্দিকৈয়ে কয়, “চৰকাৰৰ কৰণীয় আছে । এটা বন বিভাগ আছে ৷ কিন্তু কেৱল ৰাজহ সংগ্ৰহৰ কামতে ব্যস্ত থাকে ৷ এনে এটা বিভাগ থকাৰ পাছতো ধেমাজিত নখনকৈ সংৰক্ষিত বনাঞ্চল থকাৰ পিছতো এতিয়া মাত্ৰ এখন জোনাইত পবা বনাঞ্চলখনহে সংৰক্ষিত হৈ আছে ৷ কিন্তু এনেকুৱা এটা বিয়াগোম বিভাগ থকাৰ সত্বেও ইতিমধ্যে আঠখন বনাঞ্চল শেষ হৈ গ’ল ৷ গতিকে আঠখন বনাঞ্চল সংৰক্ষণ কৰিবলৈ অপৰাগ হোৱা বিভাগটোৱে চৰাইৰ কথা ভাৱে নে এয়া সন্দেহ হয় ৷ বিভিন্ন সময়ত চৰাই উদ্ধাৰ কৰি তেওঁলোকক চমজাই দিয়া হয় যদিও বিভাগটোৱে এইক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই ৷ কেৱল নামত আছে কামত নাই । কেৱল ৰাজহ সংগ্ৰহৰে তেওঁলোকৰ কাম ৷"

প্ৰকৃতিপ্ৰেমীগৰাকীয়ে জিলাখনত বিভিন্ন বিদ্যালয়ত পক্ষী সংৰক্ষণৰ বাবে সজাগতা অনাৰ প্ৰয়াস কৰি নৱপ্ৰজন্মক সজাগ সচেতন কৰিব লাগিব বুলি মন্তব্য কৰে । ধেমাজি নগৰৰ নগৰৰ সমীপত থকা জৈৱ বৈচিত্ৰ্যৰে ভৰা পাভমাৰী আৰু লেচিয়া বিল দুখন অস্তিত্বৰ সংকটত বুলি মন্তব্য় কৰি তেওঁ কয় যে মানুহৰ কৃষিভূমি সম্প্ৰসাৰণ, অবাধ গতিত মৎস্য চিকাৰৰ বাবেই এই বিশাল জলাশয় দুটা নিঃশেষ হোৱাৰ উপক্ৰম হৈছে ৷ এই জলাশয়ত দুই স্থানীয় চৰাইৰ বাহিৰে পৰীভ্ৰমী চৰাই দেখিবলৈ পোৱা নাযায় ৷ "

লগতে পঢ়ক:এজাক ঘৰচিৰিকাৰ কাকলিত আৰম্ভ হয় এইখন ঘৰৰ প্ৰতিটো পুৱা - SPARROW BIRDS

আলহী পক্ষী-হলৌ বান্দৰে মুগ্ধ কৰিছে পৰ্যটকক - MIGRATORY BIRD IN TINSUKIA

Last Updated : Jan 5, 2025, 8:26 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.