ETV Bharat / sports

এদিনীয়া শৃংখলাত আফগানিস্তানৰ বিৰুদ্ধে মুখথেকেচা দক্ষিণ আফ্ৰিকাৰ, ৰছিদ খানৰ 5 উইকেট দখল - AFG VS SA ODI SERIES

author img

By ETV Bharat Sports Team

Published : 2 hours ago

Afghanistab Create History: সংযুক্ত আৰৱ ইমিৰেটছৰ শ্বাৰজাহত আফগানিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি আছে তিনিখন এদিনীয়া মেচৰ শৃংখলা ৷ ইয়াৰে ক্ৰমাগত দুখন মেচত জয় লাভ কৰি শৃংখলা দখল কৰিছে আফগানিস্তানে ।

AFG VS SA ODI SERIES
আফগানিস্তানৰ দলটো (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 21 ছেপ্টেম্বৰ: তিনিখন মেচৰ কাৰ্যসূচীৰে দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হৈছে এদিনীয়া শৃংখলা । শৃংখলাৰ দ্বিতীয়খন মেচত আফগানিস্তানে দক্ষিণ আফ্ৰিকাক 177 ৰাণৰ ব্যৱধানত পৰাস্ত কৰি দখল কৰে শৃংখলাটো ৷

পূৰ্বে আফগানিস্তানে প্ৰথমখন এদিনীয়াত দক্ষিণ আফ্ৰিকাক 6 উইকেটত পৰাস্ত কৰে । এই মেচখনত আফগানিস্তানৰ স্পিনাৰ ৰছিদ খানে সৰ্বাধিক 5 টা উইকেট দখল কৰে । মেচৰ দিনটোতে আছিল বলাৰগৰাকীৰ জন্মদিন, যাৰ বাবে এয়া নিজে নিজক দিয়া জন্মদিনৰ উপহাৰ বুলি মন্তব্য কৰে অনুৰাগীসকলে ৷

টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা আফগানিস্তানে দুৰ্দান্ত প্ৰদৰ্শন অব্যাহত ৰাখি 4 টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 311 ৰাণৰ বিশাল স্ক’ৰ ৷ দলটোৰ হৈ ৰহমানুল্লাহ গুৰবাজে সংগ্ৰহ কৰে 105 ৰাণ ৷ খেলুৱৈগৰাকীয়ে শতকীয় এই ইনিংছটো সজাই 10 টা চাৰি আৰু 3 টা ছয়ৰে ৷ ইয়াৰোপৰি ৰহমত শ্বাহে 50 ৰাণ আৰু আজমাতুলাব উমাৰজাই 50 টা বলত 86 ৰাণ সংগ্ৰহ কৰে ।

আফগানিস্তানে নিৰ্ধাৰণ কৰি দিয়া 312 ৰাণৰ লক্ষ্য আগত ৰাখি বেটিং কৰিবলৈ ক্ৰিজলৈ অহা দক্ষিণ আফ্ৰিকাৰ বেটছমেনসকল পুনৰবাৰ ব্যৰ্থ প্ৰমাণিত হয় ৷ দক্ষিণ আফ্ৰিকাই এটাৰ পিছত আনটো উইকেট হেৰুৱাইছিল সংগ্ৰহ কৰে 134 ৰাণ ৷

আফগানিস্তানৰ বলাৰ ৰছিদ খানে পুনৰবাৰ দলৰ হৈ দখল কৰে 5 টা উইকেট ৷ বলাৰগৰাকীয়ে 9 অভাৰত 19 ৰাণৰ বিনিময়ত এই 5 টা উইকেট দখল কৰিছিল ।

দক্ষিণ আফ্ৰিকাৰ হৈ অধিনায়ক টেম্বা বাভুমাই 38 ৰাণ সংগ্ৰহ কৰে । অধিনায়কগৰাকীৰ বাহিৰে দলটোৰ বাকী সকলো বেটছমেন ৰাণ সংগ্ৰহত ব্যৰ্থ হয় ৷ প্ৰথমবাৰৰ বাবে আফগানিস্তানে এদিনীয়া শৃংখলাত পৰাস্ত কৰে দক্ষিণ আফ্ৰিকাক ।

বিগত কেইবছৰমানৰ পৰা আফগানিস্তান ক্ৰিকেট দলত যথেষ্ট উন্নতি হোৱা পৰিলক্ষিত হৈছে । সেয়া এদিনীয়া বিশ্বকাপ 2023 ৰ প্ৰদৰ্শনে হওঁক বা শেহতীয়াকৈ খেলা টি-20 বিশ্বকাপৰ প্ৰদৰ্শনে হওঁক । আফগানিস্তানে চলিত বৰ্ষৰ টি-20 বিশ্বকাপৰ ছেমি ফাইনেলত উপনীত হৈছিল ৷ অৱশ্যে ছেমি ফাইনেলত দলটো দক্ষিণ আফ্ৰিকাৰ হাতত পৰাজিত হয় । পূৰ্বে দলটোৱে নিউজিলেণ্ড, ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াক টি-20 বিশ্বকাপৰ লীগ পৰ্যায়ৰ মেচত পৰাস্ত কৰিছিল ।

লগতে পঢ়ক: ভাৰতীয় বলাৰৰ আক্ৰমণত তিষ্ঠিব নোৱাৰিলে বাংলাদেশৰ খেলুৱৈয়ে; 308 ৰাণত ভাৰতৰ অগ্ৰগতি - IND VS BAN 1ST TEST DAY 2

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.