Cleanliness drive in Assam: সঞ্জয় কিষাণ- ৰূপেশ গোৱালাৰ চাফাই অভিযান - তিনিচুকীয়াত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ
🎬 Watch Now: Feature Video


Published : Oct 1, 2023, 5:16 PM IST
তিনিচুকীয়া, ১ অক্টোবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই আজি সমগ্ৰ দেশতে পুৱা ১০ বজাৰ পৰা "এক তাৰিখ এক ঘণ্টা এক চাথ" স্বচ্ছতাৰ বাবে কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ৰাজ্য়ৰ আন ঠাইৰ লগতে তিনিচুকীয়া চহৰত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ উপস্থিতিত পৌৰসভাই ৰূপায়ণ কৰে চাফাই অভিযান ৷ উক্ত অভিযানত জিলা প্ৰশাসন, পৌৰসভা তথা মন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই ওলাই আহিল জিলা প্ৰশাসন, জিলা পৰিবহণ বিভাগ, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে বহু স্থানীয় দল-সংগঠন তথা সমাজ সচেতন ব্যক্তি ৷
ইফালে, স্বচ্ছ ভাৰত গঢ়াৰ আহ্বানক সহাৰি জনাই তিনিচুকীয়া জিলাৰ ডুমডুমাত এক স্বচ্ছ ভাৰত গঢ়াৰ লক্ষ্যৰে পুৱা ১০ বজাৰ পৰা এক তাৰিখ এক ঘণ্টা কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰা হয়। ডুমডুমা পৌৰসভা, ডুমডুমা এফ আৰ ইউ আৰু সীমান্ত পথ সংস্থাৰ কৰ্মচাৰীসকলৰ দ্বাৰা এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত স্বচ্ছতা সেৱা শ্ৰমদান ডুমডুমা পৌৰ সভাৰ অন্তৰ্গত ১০ টা ৱাৰ্ডতে ৰূপায়ণ কৰা হয় ।
উক্ত কাৰ্যসূচীত স্থানীয় বিধায়ক ৰূপেশ গোৱালা, ডুমডুমা পৌৰসভাৰ সভাপতি কান্তা ভট্টাচাৰ্য, সীমান্ত পথ সংস্থাৰ মূখ্য অভিযন্তাকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক:Cleanliness drive in India : প্ৰধানমন্ত্ৰীৰ স্বচ্ছ অভিযানৰ প্ৰতি ব্যাপক সঁহাৰি দেশবাসীৰ