thumbnail

By

Published : Apr 22, 2023, 10:20 PM IST

ETV Bharat / Videos

Eid al Fitr Celebration: দৰঙৰ দলগাঁৱতো ঈদ উল ফিটৰ উদযাপন

দলগাঁও,২২ এপ্ৰিল: শনিবাৰে সমগ্ৰ বিশ্বৰ লগতে অসমতো উলহ‌ মালহেৰে পালন কৰা হয় সমন্বয় সম্প্ৰীতি আৰু ত্যাগৰ উৎসৱ ‌পৱিত্ৰ ঈদ-উল-ফিটৰ Eid al Fitr Celebration at Eidgah Maidan) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে দৰঙৰ খাৰুপেটীয়া দলগাঁও কপাটি বেছিমাৰী আদি অঞ্চলত আটকধুনীয়া কৈ সজাই পৰাই তোলা ঈদগাহ‌ মছজিদ সমূহত পুৱাৰে পৰা লানি নিছিগা সোঁত বয় ধৰ্মপ্ৰাণ লোকৰ(Eid al Fitr Celebration) ।  

বতৰে সামান্য ‌বিধি পথালি দিয়ে যদিও ঈদৰ এই সমূহীয়া নামাজ আদায়ৰ বাবে বিভিন্ন অঞ্চলত হিলদ'ল ভাঙি ওলাই আহে শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে অগনন ইছলাম ধৰ্মালম্বী লোক (Eid al Fitr celebrations in Dalgaon)  । একেদৰে ১৯৪২ চনত স্থাপিত দৰঙৰ‌ নিজ খাৰুপেটীয়াৰ বেলতলী ঈদগাহ ময়দানতো হাজাৰ হাজাৰ লোকৰ উপস্থিতিত নিৰ্দিষ্ট সময়ত অনুষ্ঠিত হয় সমুহীয়া ঈদ-উল-ফিটৰৰ নামাজ । 

লগতে পঢ়ক: Sonowal Kachari Bihu: ধেমাজিত সোণোৱাল কছাৰীসকলে বিদায় জনালে ৰঙালীক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.