thumbnail

By

Published : Jan 31, 2023, 6:32 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / Videos

Me dam Me Fi at Habung: আহোমৰ দ্বিতীয় ৰাজধানী হাবুঙত মে ডাম মে ফী পালন

ধেমাজি, 31 জানুৱাৰী: ধৰ্মীয় ৰীতি-নীতিৰে সমগ্ৰ অসমতে আজি আহোমসকলে পালন কৰিছে পবিত্ৰ মে-ডাম-মে-ফী ৷ উপৰিপুৰুষক স্মৰণৰ বাবে অসমত 600 বছৰ ৰাজত্ব কৰা আহোমসকলে এই অনুষ্ঠান পালন কৰে ৷ আহোমসকলৰ জনবসতিপূৰ্ণ অঞ্চলত মঙলবাৰে ধৰ্মীয় পৰম্পৰাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে মে-ডাম-মে-ফী পালন কৰা হৈছে ৷ আহোমৰ দ্বিতীয় ৰাজধানী খ্যাত ধেমাজি জিলাৰ হাবুঙতো পালন কৰা হৈছে মে-ডাম-মে-ফী (Me dam Me Fi at the historic Habung) ৷

হাবুং উন্নয়ন পৰিচালনা সমিতিৰ উদ্যোগত বৰ্ণিল কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে পূৰ্বপুৰুষক স্মৰণ কৰা  টাই আহোম সকলৰ পৰম্পৰাগত মে-ডাম-মে-ফী ৷ সেই উপলক্ষে আজি অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে হাবুঙৰ মে-ডা-ম-মে-ফীত উপস্থিত হৈ ডাম পূজাত অংশ লৈ অসমবাসী ৰাইজৰ মংগল কামনা কৰে (Ranoj Pegu participates in Me dam Me Fi) ৷

উল্লেখ্য যে পুৱাৰে পৰা হাবুঙৰ চাও চে ৰেনত টাই আহোম পুৰোহিত দ্বাৰা টাই আহোমৰ পৰম্পৰাৰ অনুসৰি উপৰিপুৰুষক স্মৰণ কৰাৰ লগতে সূৰ্য-চন্দ্ৰকে আদি কৰি ৩৩ কোটি দেৱতাক আৰাধনা কৰা হয় ৷ তাৰ পাচতে পৰম্পৰা অনুসৰি থলুৱা খাদ্য পৰিবেশন কৰা হয় পূজাথলীত ৷ আজি ৰাজ্যৰ আন ঠাই সমূহতো মে-ডাম-মে-ফী পালন কৰা হৈছে (Historic Habung in Dhemaji) ৷

টিপাঙত মে-ডাম-মে-ফীত সেৱা ল’লে মুখ্যমন্ত্ৰীয়ে :

আহোম সম্ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ চাওলুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি প্ৰথম খোজ দিয়া ডিব্ৰুগড় জিলাৰ টিপামত আজি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ ব্যৱস্থাপনাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয় মে-ডাম-মে-ফীৰ (Me dam Me Fi celebration at Tipam) ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিক মন্ত্ৰী বিমল বড়া, বিধায়ক তৰংগ গগৈ, তেৰচ গোৱালা আদিয়ে ৷ এই অনুষ্ঠানত সেৱা লৈ মুখ্যমন্ত্ৰীয়ে টিপামক অধিক আকৰ্ষণীয় কৰি গঢ়ি তোলাৰ আশ্বাস দিয়ে ৷ 

1228 খ্ৰীষ্টাব্দত চাওলুং চ্যুকাফাই পাটকাই পাৰ হৈ আহি টিপামত প্ৰথম খোজ দিছিল ৷ টিপাঙৰ সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হৈ তেওঁ স্বতঃস্ফূৰ্তভাৱে কৈ উঠিছিল ‘‘ম্যুং-ড্যুং-ছুম-খ্যাম’’ ৷ ইয়াৰ অৰ্থ সোণোৱালী শইচৰ দেশ ৷ টিপামক আজিও আহোমৰ প্ৰথম অস্থায়ী ৰাজধানী হিচাপে বিবেচনা কৰা হয় ৷ 

লগতে পঢ়ক: Me Dam Me Phi observed in Tinsukia: তিনিচুকীয়াত কেন্দ্ৰীয় মে ডাম মে ফিত মন্ত্ৰী পীযুষ হাজৰীকা

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.