Durga Puja 2023: প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃৎ শিল্পীসকল - Durga Puja Celebration in Guwahati
🎬 Watch Now: Feature Video
Published : Oct 14, 2023, 4:09 PM IST
গুৱাহাটী,14 অক্টোবৰ : শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথোঁ কেইটামান দিন । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো ব্যাপক আয়োজন চলিছে দুৰ্গা পূজাৰ । দুৰ্গা পূজাৰ দিন চমু চাপি অহাৰ লগে লগে মৃৎ শিল্পীসকলৰো ব্যস্ততা বৃদ্ধি পাইছে । দেৱীৰ মৃণ্ময় প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ততা মৃৎ শিল্পীসকল ।
ইফালে দেৱীৰ প্ৰতিমা নিৰ্মাণত ব্যৱহাৰ কৰা কেঁচা সামগ্ৰীকে ধৰি আন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে ৷ সেই অনুপাতে প্ৰতিমাৰ মূল্যবৃদ্ধি হোৱা নাই বুলি মহানগৰী বিষ্ণুপুৰৰ মৃৎ শিল্পী নিৰ্মল পালে আক্ষেপ প্ৰকাশ কৰে ৷ প্ৰায় 40 বছৰ ধৰি দেৱ দেৱীৰ মৃণ্ময় প্ৰতিমা বনোই অহা মৃৎ শিল্পী পাললৈ এইবাৰ 50 টা দুৰ্গা মূৰ্তিৰ অৰ্ডাৰ আহিছে । গুৱাহাটীৰ বিভিন্ন পূজা মণ্ডপৰ লগতে মঙলদৈৰ পৰা অৰ্ডাৰ আহিছে বুলি জানিবলৈ দিছে মৃৎ শিল্পী পালে ৷
‘‘15 হাজাৰ পৰা আৰম্ভ কৰি 90 হাজাৰ টকালৈকে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰা হৈছে । আনহাতে মাটি, খেৰকে ধৰি অন্যান্য কেঁচা সামগ্ৰী দাম বৃদ্ধিৰ লগতে কাৰিকৰৰ মজুৰি বৃদ্ধি হৈছে । এই ব্যৱসায়টো চলাবলৈ চৰকাৰৰ পৰা কোনো সহায় নোপোৱাৰ লগতে আমি বেংকৰ পৰাও ঋণ নাপাওঁ । যাৰ বাবে আমি সূতত টকা লৈ ব্যৱসায় চলাব লগীয়া হৈছে । লাভ কম হয় যদিও এই কামক লৈ মই সুখী।’’ এই মন্তব্য মৃৎ শিল্পী পালৰ ।
লগতে পঢ়ক:Fake Currency Seized : মহানগৰীৰ দক্ষিনগাঁৱত নকল নোটসহ বহু পৰিমাণৰ সামগ্ৰী জব্দ এছ টি এফৰ