thumbnail

By

Published : Apr 24, 2023, 8:48 PM IST

ETV Bharat / Videos

Photo journalist attacked: মহানগৰীত নিশা সাংবাদিকক আক্ৰমণ সুৰামত্ত যুৱকৰ

গুৱাহাটী, ২৪ এপ্ৰিল: মহানগৰীত নিশা সুৰামত্ত যুৱকৰ তাণ্ডৱ । নিশা তিনি উদণ্ড যুৱকে আক্ৰমণ কৰিলে কৰ্তব্যৰত ফটো সাংবাদিকক (Drunk youth attacks photo journalist) । সুৰামত্ত যুৱক তিনিজনে এটা ব্যক্তিগত চেটেলাইট চেনেলৰ ফটো সাংবাদিকক আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে । নিশা প্ৰায় ৩ বজাত কৰ্মসম্পাদন কৰি জি এছ ৰোডৰ কাৰ্যালয়লৈ কাৰ্যালয়ৰ বাহনেৰে উভতি আহিছিল ফটো সাংবাদিক বিমল দাস (Photojournalist Bimal Das attacked) ।  

সেই সময়তে কাৰ্যালয়ৰ সন্মুখত ৰৈ আছিল AS 01 DU 8803 নম্বৰৰ ক্ৰেটা বাহনখন (Photojournalist injured in attack) । কাৰ্যালয়ৰ সন্মুখত বাহনখন ৰৈ থকাৰ বাবে বিমল দাসৰ নিজৰ বাহনখন কাৰ্যালয়লৈ সোমাই যাব পৰা নাছিল । সেয়ে দাসে বাহনখন আগুৱাই দিবলৈ কোৱাত সুৰামত্ত যুৱক তিনিজনে বিমল দাসক আক্ৰমণ কৰে । উদণ্ড যুৱক তিনিজনৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দাস ।  

দাসক ততাতৈয়াকৈ GMCH ত ভৰ্তি কৰোৱা হয় । আনহাতে ঘটনাৰ খবৰ পোৱাৰ পিচতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী । আৰক্ষী অহাৰ খবৰ পাই পলায়ন কৰে যুৱক তিনিজনে । আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে ক্ৰেটা বাহনখন । 

লগতে পঢ়ক: Angkita Dutta updates: কোন দিশে অংকিতা দত্তৰ ৰাজনৈতিক ভৱিষ্যৎ; ৰাজ্যত চলিছে সৰৱ চৰ্চা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.