thumbnail

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 5:38 PM IST

ETV Bharat / Videos

Infestation of drunk youth in DC office: জিলা আয়ুক্তৰ কাৰ্যালয়ত নিচাসক্ত যুৱকৰ তাণ্ডৱ

নগাঁও,২৯ ছেপ্টেম্বৰ: নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত নিচাসক্ত যুৱকৰ তাণ্ডৱ । নগাঁৱৰ আয়ুক্তৰ কোঠাৰ লগতে থকা ব্যক্তিগত সচিবৰ কোঠাত চাইকেলসহ প্ৰৱেশ কৰে নিচাসক্ত যুৱকজনে ৷ ইয়াৰ পিছতে ব্যক্তিগত সচিবৰ কোঠাৰ গ্লাচ ভাঙি লণ্ডভণ্ড কৰে বাবুল শৰ্মা নামৰ যুৱকজনে ৷ আনকি জিলা আয়ুক্তৰ ব্যক্তিগত সচিবক আক্ৰমণ কৰিবলৈকো উদ্যত হয় নিচাসক্ত যুৱকজন ।  

হঠাৎ জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰি যুৱকজনে চলোৱা এই তাণ্ডৱকলৈ হুৱাদুৱা লাগে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ মাজত ৷ পিছত আৰক্ষীয়ে কৰায়ত্ত কৰে নিচাসক্ত বাবুল শৰ্মাক ৷ আটকাধীন বাবুল শৰ্মা অসম বেটেলিয়ন NCC ৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী ৷ নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আৰক্ষীৰ লোকে গিজগিজাই থকাৰ পিছতো এনেদৰে এজন লোকে আহি জিলা আয়ুক্তৰ ব্যক্তিগত সচিবৰ কাৰ্যালয়ত তাণ্ডৱ চলোৱা কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: Tense situation in Bongaigaon College: বঙাইগাঁও মহাবিদ্যালয়ত মাৰপিটৰ ঘটনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.