Drugs smuggling in Assam: মিকিৰভেটাৰ শিলপুখুৰীত ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী
🎬 Watch Now: Feature Video
ধিং, ২০ আগষ্ট: মিকিৰভেটাৰ শিলপুখুৰীত ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী । মিকিৰভেটা থানাৰ এলেকাধীন বড়িবজাৰ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত শিলপুখুৰীত আজি এগৰাকী মহিলাসহ তিনি গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।
শিলপুখুৰী গাঁৱৰ খাইৰুল ইছলাম আৰু তেওঁৰ পত্নীয়ে দীৰ্ঘদিন ধৰি নিজ গৃহৰ পৰা চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা । আজি বড়িবজাৰ আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এটি আৰক্ষীৰ দলে খাইৰুলৰ বাসগৃহত অভিযান চলাই ।
এই অভিযানত আৰক্ষীয়ে ১৩ টা চাধাৰ টেমা ভৰ্তি ড্ৰাগছ আৰু দুটা ম'বাইল উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এই অভিযানৰ সময়ত খাইৰুল ইছলামে পলায়ন কৰিবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে তেওঁৰ পত্নী, শিলপুখুৰী গাঁৱৰ আশ্বিক আহমেদ আৰু ধিঙৰ বেতকাটি গাঁৱৰ মিলন নাথক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক:Kokrajhar News: আৰক্ষী থানাৰ ন্যায়িক পৰিসীমা ৰঙিয়া লৈ স্থানান্তৰৰ বিৰোধিতা এবছুৰ