Awareness Programme in Nalbari: নলবাৰীৰ বেলবেলিত বাল্য বিবাহৰ বিৰুদ্ধে সজাগত সভা - Drugs Child Marriage Awareness Programme
🎬 Watch Now: Feature Video
নলবাৰী, 18 মাৰ্চ : নলবাৰী জিলাৰ মুকালমুৱাৰ বেলবেলিত বাল্য বিবাহৰ লগতে ড্ৰাগছৰ ভয়াৱহতাৰ বিৰুদ্ধে এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় । হিউমেনিটি কনচাৰ্টৰ উদ্যোগত আৰু নৰ্থ ইষ্ট ল’ ফাৰ্মৰ সহযোগত অনুষ্ঠিত হয় এই সজাগতামূলক সভাখন । ৰাজ্যত বাল্য বিবাহ, ড্ৰাগছ, শিক্ষা, মহিলাৰ অধিকাৰ আদি গুৰুত্বপূৰ্ণ বিষয়কেইটাৰ সন্দৰ্ভত ৰাইজৰ মাজত সজাগত অনাৰ উদ্দেশ্যেৰে বেলবেলি চৰত অনুষ্ঠিত হয় সজাগতা সভাখন (Awareness Programme against child marriage) ।
সজাগতা সভাখনত ভয়াৱহ ব্যাধি বাল্য বিবাহ বন্ধ কৰিবলৈ ৰাইজলৈ আহ্বান জনাই অধিবক্তা তথা আমছু নেত্ৰী হাছিনা আহমেদে । লগতে সভাত অঞ্চলটোৰ ৰাইজক ড্ৰাগছৰ প্ৰভাৱ মুক্ত আৰু শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায় নৰ্থ ইষ্ট ল’-ফাৰ্মে । সভাত উপস্থিত থাকে অধিবক্তা তথা আমছু নেত্ৰী হাছিনা আহমেদৰ লগতে স্থানীয় ৰাইজ(Awareness Programe against Drugs) ।