Health certificate scam: মৰিয়নি নাগাজাঙ্ক স্বাস্থ্য কেন্দ্ৰত প্ৰমাণ পত্ৰৰ বেহা

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 6:10 PM IST

thumbnail

যোৰহাট, ২৭ আগষ্ট: মৰিয়নিৰ নাগাজাঙ্ক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য বিভাগৰ প্ৰমাণ পত্ৰ প্ৰদানৰ নামত উৎকোচ বিচৰাৰ অভিযোগ উত্থাপিত হৈছে । যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নি সমষ্টিৰ নাগাজাঙ্ক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ এগৰাকী স্বাস্থ্য বিভাগৰ লোকে এখন স্বাস্থ্য প্ৰমাণ পত্ৰ প্ৰদানৰ নামত উৎকোচ বিচৰাৰ অভিযোগ উথাপিত হৈছে ।  

ঘটনা বিৱৰণি মতে, নাগাজাঙ্ক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পাৱাৰ গ্ৰিডৰ টাৱাৰত কৰ্মৰত এজন শ্ৰমিকৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰমাণ পত্ৰ বিচাৰে । কিন্তু শ্ৰমিকজনৰ পৰিয়ালৰ লোকক স্বাস্থ্য কেন্দ্ৰটোৰ এগৰাকী চিকিৎসকে প্ৰমাণ পত্ৰখন দিয়াৰ নামত উৎকোচ বিচাৰে । শ্ৰমিকজনৰ পৰিয়ালৰ লোকে উৎকোচ প্ৰদান নকৰা বাবে স্বাস্থ্য কেন্দ্ৰটোত কৰ্মৰত জনৈক শইকীয় উপাধিৰ চিকিৎসকগৰাকীয়ে প্ৰমাণ পত্ৰখন দিবলৈ আমান্তি হোৱাৰ অভিযোগ উথাপিত হৈছে ।  

চিকিৎসকগৰাকীয়ে প্ৰতিখন ফিটনেছ চাৰ্টিফিকেট বিনিময়ত বিভিন্নজনৰ পৰা ১০০ টকাকৈ সংগ্ৰহ কৰাৰো অভিযোগ উথাপিত হৈছে । আনহাতে, উৎকোচ গ্ৰহণ কৰা অভিযোগ সম্পৰ্কে যোৰহাট জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ সৈতে যোগাযোগ কৰাত তেওঁ কৌশলগত মন্তব্য প্ৰদান কৰি সমগ্ৰ বিষয়টো গা এৰা দিয়াৰো অভিযোগ উঠিছে ।  

লগতে পঢ়ক :Poor Road Condition in Dhemaji: পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে দক্ষিণ ধেমাজিৰ আমলখিবাসীক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.