thumbnail

Ayushman bhava campaign:ধেমাজিত স্বাস্থ্য বিভাগৰ আয়ুষ্মান ভৱ অভিযান সম্পৰ্কত সংবাদমেল

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 8:13 PM IST

ধেমাজি, 16 ছেপ্টেম্বৰ : ধেমাজি জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে অহা ১৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব লগা আয়ুষ্মান ভৱ অভিযানৰ প্ৰস্তুতি সম্পৰ্কত শনিবাৰে ধেমাজি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত এখন সংবামেল সম্বোধন কৰে ৷ জিলা স্বাস্থ্য বিভাগে জিলাখনৰ ৮১ টা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত সপ্তাহত এখনকৈ মুঠ চাৰিখন আৰু ১২ টা সামুহিক আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এখনকৈ আয়ুষ্মান মেলা আয়োজন কৰিছে ৷

অভিযানৰ লগত সংগতি ৰাখি ধেমাজি নগৰ, চিমেন চাপৰি, জোনাই আৰু গোগামুখত ৰক্তদান শিবিৰ আৰু প্ৰাপ্তবয়স্ক লোকৰ বাবে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰিছে ৷ জিলাখনত ৪ লাখ ৭৮ হাজাৰ ৮ শ ৩৭ গৰাকী আয়ুষ্মান কাৰ্ডৰ হিতাধিকাৰীৰ ভিতৰত ৩ লাখ ৮০ হাজাৰ ৪ শ ৫০ গৰাকীৰ KYC কৰা হৈছে বুলি সংবাদমেল যোগে সদৰি কৰে ৷ সংবাদমেলত উপস্থিত থাকে জিলা অতিৰিক্ত আয়ুক্ত ড৹ সঞ্জীৱ কুমাৰ ফুকন, জিলা মহকুমা স্বাস্থ্য বিষয়া যোগেন দাস, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ দণ্ডধৰ গগৈ ৷

লগতে পঢ়ক : Ayushman Bhava campaign:বাক্সাত আয়ুষ্মান ভৱ অভিযান সন্দৰ্ভত জিলা আয়ুক্তৰ সংবাদমেল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.