Brahmaputra water level decreased: অস্বাভাৱিকভাৱে হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

By

Published : Feb 3, 2023, 10:13 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

thumbnail

আমগুৰি, ৩ জানুৱাৰী: অস্বাভাৱিকভাৱে হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । চিন্তিত নৈপৰীয়া ৰাইজ । শিহু তথা মৎসকুলৰ বিপদৰ সম্ভাৱনা । সংকটত নৈপৰীয়া কৃষিজীৱি ৰাইজ । শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ অধীনৰ দিখৌমুখ অঞ্চলৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ জলস্তৰ চলিত বৰ্ষত অস্বাভাৱিক হাৰত হ্ৰাস পোৱাৰ ফলত চিন্তাৰ উদ্ৰেক ঘটিছে(Depleting water level of Brahmaputra at Amguri) ।

দিখৌ, দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ মিলনস্থলী ত্ৰিবেণী সংগম হিচাপে পৰিচিত ব্ৰহ্মপুত্ৰৰ অংশটোৰ জলস্তৰ অস্বাভাৱিক হাৰত শুকাই যোৱাৰ উপৰিও ব্ৰহ্মপুত্ৰৰ মূল সূতিটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে(Water level of brahmaputra river went down) । বিশেষকৈ এই অঞ্চলটো বাৰিষা ব্ৰহ্মপুত্ৰৰ বানৰ তাণ্ডৱৰ বিষয়ে সৰ্বজনবিদিত । খৰালি কিছু পৰিমাণে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পাই যদিও পূৰ্বতে এনে পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল ।

লগতে পঢ়ক: Teok horse riding: ব্ৰহ্মপুত্ৰৰ বালিচৰত ঐতিহ্য ৰক্ষা কৰি ঘোঁৰাদৌৰৰ অনুশীলনত ব্যস্ত এজাক তৰুণ

বৰ্তমান অস্বাভাৱিক হাৰত পানী হ্ৰাস পোৱাৰ উপৰিও অধিকাংশ স্থানতে মৰুভূমিসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে(Brahmaputra water level decreased)  । যি অংশ বৰ্তমান শুকাই তৰাং হৈ পৰিছে সেই স্থান শিহুৰ বিচৰণস্থলী হিচাপে জনাজাত । প্ৰায় আঠৰ পৰা দহটালৈকে শিহুয়ে এই স্থানত বিচৰণ কৰি আহিছে । অন্যহাতেদি এক বৃহত্তৰ অঞ্চলৰ ৰাইজে কৃষিকৰ্মৰ বাবে নদীখনৰ ওপৰতে ভৰসা কৰিব লাগে । 

ৰবিশস্যৰ দিনত নদীখনেই একমাত্ৰ ভৰসা । ইয়াৰ উপৰিও মৎস্য ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে ব্ৰহ্মপুত্ৰৰ ওপৰতে ভৰসা কৰি পৰিয়ালসমূহৰ জীৱিকাৰ বাট মুকলি কৰি লৈছে । যাৰ বাবে এতিয়া জীৱন-জীৱিকাৰ বাবে চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে নৈ-পৰীয়া লোকসকল ৷  এনেসময়তে বিগত প্ৰায় দুটা বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমাৎ হ্ৰাস পোৱাৰ মূল কাৰণ জ্ঞাত নহ’লেও গভীৰ চিন্তা ব্যক্ত কৰিছে স্থানীয় ৰাইজে । এনেদৰে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পাই আহিলে কি হ'ব তেওঁলোকৰ ?

লগতে পঢ়ক: Disaster risk reduction and Climate change: ডিফুত জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ আশংকা হ্ৰাস বিষয়ক কৰ্মশালা

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.