Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিজেপি-আৰএছএছৰ শ্ৰুতলিপি মতে কৰা হৈছে; এআইইউডিএফ - সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা
🎬 Watch Now: Feature Video
গুৱাহাটী, 20 জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত বৃহস্পতিবাৰে নিৰ্বাচন আয়োগৰ দ্বিতীয় দিনাৰ শুনানিত AIUDFয়েও অংশ গ্ৰহণ কৰে ৷ এ আই ইউ ডি এফ (AIUDF) দলৰ নেতা আমিনুল ইছলামে কয়, ‘‘আমি সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটোক বিৰোধিতা নকৰো । কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম নিৰ্বাচন আয়োগে কৰাটো আমি আপত্তি কৰিছো । সংবিধানৰ বিধি মতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম কৰিব লাগে ।’’
কিহৰ স্বাৰ্থত কমিটি গঠন নকৰি নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে সেয়া ৰহস্যৰ আৱৰ্তত আছে বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰি কয় সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে বহু গোচৰ আদালতত চলি থকাৰ সময়ত আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব নোৱাৰে ।
তেওঁ কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণত সংখ্যালঘুৰ আসন হ্ৰাস কৰা হৈছে । ২০০১ চনৰ লোক পিয়লমতে জনসংখ্যা ঠিকে থকাৰ পিচত কিছুমান ঠাইত আসন কমাই দিয়া হৈছে । আৰ এছ এছ আৰু বিজেপিৰ শ্ৰুতলিপি মতে এয়া কৰা হৈছে ।