Deadbody recovered: বোকাখাতৰ ডিফলু নদীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 6:31 PM IST

thumbnail

গোলাঘাট,২ নৱেম্বৰ:  বৃহস্পতিবাৰে বোকাখাতৰ ডিফলু নদীত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰাক লৈ সৃষ্টি হয় তীব্ৰ চাঞ্চল্য ৷ লতাবাৰীৰ সমীপৰ ডিফলু নদীত মাছ মাৰিবলৈ অহা মাছমৰীয়াই মৃতদেহটো প্ৰত্যক্ষ কৰি গাঁওৰক্ষী বাহিনী আৰু আৰক্ষীক খবৰ দিয়ে ৷ লগে লগে ঘটনাস্থলীত বোকাখাত আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰে ।  

উদ্ধাৰ হোৱা মৃতদেহটো বৰ্তমানলৈকে চিনাক্ত হোৱা নাই । জানিব পৰা মতে লতাবাৰীৰ মন্দিৰ লাইনৰ দিলীপ ভূঞা নামৰ লোকজন যোৱা ৪ দিনৰ পৰা নিৰুদ্দেশ হৈ আছে ৷ সেয়ে একাংশই তেওঁৰেই মৃতদেহ বুলি সন্দেহ কৰিছে যদিও পৰিয়ালৰ লোকে এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই ৷  

লগতে পঢ়ক: Man commits suicide: পাৰিবাৰিক কন্দল, বন্দুকেৰে গুলীয়াই আত্মহত্যা স্বামীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.