Dead body recovered: তিনিচুকীয়াত অচিনাক্ত মৃতদেহ উদ্ধাৰ - নলাত উদ্ধাৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 6:48 PM IST

তিনিচুকীয়া, ২০ ছেপ্টেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া ইটোৰ পিচত সিটোৰ মৃতদেহে উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ বুধবাৰে তিনিচুকীয়াৰ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ সমীপৰ হেম বৰুৱা পথৰ এটা নলাত উদ্ধাৰ কৰা হয় এটা অচিনাক্ত মৃতদেহ । লোকজন নিজেই নলাত পৰি মৃত্যু হ’ল নে কোনোবাই হত্যা কৰি নলাত পেলালে সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই ৷

পৰৱৰ্তী সময়ত তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ আৰক্ষী এই স্থানত উপস্থিত হয় মৃতদেহটো উদ্ধাৰ কৰিছে ৷ মৃত ব্যক্তিজনৰ বয়স 35 ৰ পৰা 40 বছৰৰ ভিতৰত হ’ব বুলি স্থানীয় লোকে অনুমান কৰিছে । ব্যক্তিজনৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে লোকজনৰ মৃত্যুৰ প্ৰকৃত ৰহস্য উদঘাটন হ’ব।

লগতে পঢ়ক: Child marriage in Assam : বিলাসীপাৰাত বাল্য বিবাহৰ লগত জড়িত স্বামীসহ তিনিজনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.