Dead body recovered : ছয়দিনৰ মূৰত মাতৃৰ পিণ্ড দিবলৈ গৈ ব্ৰহ্মপুত্ৰত নিখোঁজ দুই ভাতৃৰ এজনৰ মৃতদেহ উদ্ধাৰ - ব্ৰহ্মপুত্ৰত সন্ধানহীন দুই ভাতৃ
🎬 Watch Now: Feature Video


Published : Nov 13, 2023, 11:09 AM IST
মৰাণ, 13 নৱেম্বৰ : ছয়দিনৰ মূৰত উদ্ধাৰ ডিব্ৰুগড়ৰ মোহনাঘাটত মাতৃৰ পিণ্ড দিবলৈ গৈ সলিল সমাধি হোৱা ভাতৃদ্বয়ৰ এজনৰ মৃতদেহ। সোমবাৰে পুৱা মোহনাঘাটতে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো। উদ্ধাৰ হোৱা মৃতদেহটো জ্যেষ্ঠ ভাতৃ দিগন্ত কাকতিৰ বুলি জানিব পৰা গৈছে । বৰ্তমানেও সন্ধানহীন অনন্ত কাকতি। ছয় দিনৰ মূৰত উদ্ধাৰ হৈছে দিগন্তৰ মৃতদেহ।
ঘটনা অনুসৰি যোৱা 8 নৱেম্বৰত পুৱাৰ ভাগত অনন্ত কাকতি আৰু ভাতৃ দিগন্ত কাকতিয়ে প্ৰয়াত মাতৃ সাবিত্ৰী কাকতিৰ ছয়মহীয়া পিণ্ডদান দিবলৈ ডিব্ৰুগড়ৰ মোহনাঘাটলৈ গৈছিল। কিন্তু পিণ্ড দিবলৈ ব্ৰহ্মপুত্ৰত নামি গৈ পাৰলৈ ঘূৰি নাহিল দুয়ো ভাতৃ। ইয়াৰ পাচৰে পৰা সন্ধানহীন হৈ আছে ভাতৃদ্বয়।
ইতিমধ্যে ঘটনাৰ পাচৰে পৰা NDRF আৰু SDRF সহ স্থানীয় লোকে অভিযান অব্যাহত ৰাখিছিল যদিও সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। কিন্তু আজি ঘটনা সংঘটিত হোৱাৰ কেইমিটাৰমান নিলগত ওপঙি থকা অৱস্থাত উদ্ধাৰ দিগন্ত কাকতিৰ মৃতদেহ।
লগতে পঢ়ক: Girl body found: নিজ কোঠাত ৰহস্যজনক মৃত্যু যুৱতীৰ; প্ৰেমিক অন্তৰ্ধান