Cyber safety program: চাইবাৰ অপৰাধৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰশিক্ষণ শিবিৰ - Child protection awareness program

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 13, 2023, 3:39 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

বৰপেটা, ১৩ ফেব্ৰুৱাৰী: শেহতীয়াকৈ ৰাজ্যত তীব্ৰতৰ হৈছে বাল্যবিবাহ বিৰোধী অভিযান ৷ শিশু আৰু কিশোৰ অপৰাধৰ বিৰুদ্ধে এই অভিযান চলি থকাৰ মাজতে ৰাজ্যৰ শিক্ষা বিভাগে কিশোৰ-কিশোৰীসকলক শাৰীৰিক আৰু মানসিকভাৱে দক্ষ আৰু সজাগ কৰি তোলাৰ উদ্দেশ্যে আৰম্ভ কৰিছে প্ৰশিক্ষণ শিবিৰ (Child protection awareness program) ৷

সম্প্ৰতি ৰাজ্যত বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা ৷ সেয়াহে, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি ছাত্ৰ-ছাত্ৰীক চাইবাৰ অপৰাধৰ বিৰুদ্ধে সজাগ কৰা আৰু তেওঁলোকক শাৰীৰিক-মানসিকভাৱে দক্ষ কৰি তোলাৰ উদ্দেশ্যে সোমবাৰে সমগ্ৰ শিক্ষা বৰপেটাৰ উদ্যোগত এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় ৷ বৰপেটাৰ তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত শিবিৰত আজি জিলাখনৰ চেঙা আৰু বজালী শিক্ষাখণ্ডৰ উচ্চ প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষক, শিক্ষয়িত্ৰী আৰু চি আৰ চি চি সকলক এই প্ৰশিক্ষণ প্ৰদান কৰা হয় । 

পৰ্যায়ক্ৰমে জিলাখনৰ আন শিক্ষাখণ্ড কেইটাৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু চি আৰ চি চি সকলক এই প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি বৰপেটা জিলাৰ শিক্ষা বিভাগৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই জানিবলৈ দিয়ে । তেওঁ লগতে কয় যে, এই প্ৰশিক্ষণৰ জৰিয়তে শিক্ষক-শিক্ষয়িত্ৰী আৰু চি আৰ চি চিসকলে নিজৰ নিজৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিষয়কেইটাক লৈ সজাগতা সৃষ্টি কৰিব লাগিব ।

চাইবাৰ অপৰাধৰ বিৰুদ্ধে সজাগতা সৃষ্টি সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই । আনহাতে ছাত্ৰ-ছাত্ৰীৰ মাজত দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণৰ আৰম্ভণি কৰে অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই । দক্ষতা বৃদ্ধিৰ বিশেষ প্ৰশিক্ষণ কেইবাজনো সমল ব্যক্তিয়ে প্ৰদান কৰে ।

চাইবাৰ অপৰাধৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ ভাষণত আৰক্ষী অধীক্ষক সিনহাই কয় যে, ইণ্টাৰনেট হ’ল আধুনিক বিশ্বৰ বাবে আশীৰ্বাদ । কিন্তু ইয়াৰ ব্যৱহাৰত সকলোৱে সতৰ্কতা অৱলম্বন কৰিব লাগে । ইণ্টাৰনেটত জালিয়াতি কৰা চক্ৰৰ তৎপৰতা বৃদ্ধি হৈছে । গতিকে ছাত্ৰ-ছাত্ৰীৰ লগতে তেওঁলোকৰ অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলো এইক্ষেত্ৰত সজাগ থাকিব লাগে । ব্যক্তিগত তথ্য ইণ্টাৰনেটত ৰাজহুৱা কৰাত অত্যন্ত সতৰ্কতা অৱলম্বনৰ পৰামৰ্শ আৰক্ষী অধীক্ষকগৰাকীয়ে দিয়ে । তদুপৰি এপছ ডাউনলোডৰ ক্ষেত্ৰতো সতৰ্ক হোৱা উচিত বুলি সিনহাই পৰামৰ্শ দিয়ে ।

লগতে পঢ়ক: Assam Drive Against Child Marriage : পৰিয়ালসমূহ ধ্বংস নকৰিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান বিৰোধী দলপতিৰ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.