thumbnail

By

Published : Aug 4, 2023, 8:37 PM IST

ETV Bharat / Videos

Sadiya congress protest:শদিয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

তিনিচুকীয়া, ৪ আগষ্ট : মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণক কিন্তু কাণসাৰ নাই চৰকাৰৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ হৈ আছে যদিও চকু মুদা কুলিৰ ভাও জুৰি আছে প্ৰশাসনে ৷ তিনিচুকীয়া জিলাৰ শদিয়া চপাখোৱাত শুকুৰবাৰে কংগ্ৰেছে সাব্যস্ত কৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৷ নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী, ঔষধ, ৰন্ধন গেছ, পেট্ৰ’ল, ডিজেলকে ধৰি পশু খাদ্য আৰু শিশু খাদ্যৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

শদিয়া মহকুমাৰ সদৰ চপাখোৱাত মহকুমাধিপতি(অ) কাৰ্যালয়ৰ সমীপত ৰূপায়ণ কৰে এই কাৰ্যসূচী ৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ শদিয়া আৰু ছৈখোৱা ব্ল’ক কংগ্ৰেছৰ উদ্যোগত ৰূপায়িত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত দলটোৰ ৰাজ্যিক আৰু জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে স্থানীয় বহুসংখ্যক কংগ্ৰেছ কৰ্মী-সমৰ্থক উপস্থিত থাকে ৷

লগতে পঢ়ক : Protest against price hike:মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা চৰকাৰৰ বিৰুদ্ধে মৰাণত কংগ্ৰেছকৰ্মীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.