thumbnail

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 11:30 AM IST

ETV Bharat / Videos

গ্ৰাহকক চাউল বিতৰণ বন্ধ কৰিব সুলভ মূল্যৰ ব্যৱসায়ীয়ে

টীয়ক,২০ ডিচেম্বৰ: চৰকাৰী সুলভ মূল্যৰ দোকানৰ এজেন্টসকলৰ প্ৰতি ভাৰত চৰকাৰ তথা অসম চৰকাৰে নূন্যতম সা-সুবিধা প্ৰদান নকৰাৰ প্ৰতিবাদত অহা ১ জানুৱাৰীৰ পৰা সুলভ মূল্যৰ চাউল উঠোৱা আৰু বিতৰণ বন্ধ ৰখাৰ যি সিদ্ধান্ত সদৌ ভাৰত সুলভ মূল্যৰ দোকানৰ এজেন্ট সন্থাই গ্ৰহণ কৰিছে সেই সিদ্ধান্তৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে যোৰহাট জিলাৰ সুলভ মূল্যৰ দোকানৰ এজেন্টসকলে ।  

মঙলবাৰে টীয়কত যোৰহাট জিলাৰ এজেন্টসকলৰ মাজত অনুষ্ঠিত সভাত সৰ্ব ভাৰতীয় পৰ্যায়ত ঘোষণা কৰা আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । উল্লেখযোগ্য যে এজেন্টসকলক মাহিলী ৫০ হাজাৰ টকাকৈ পাৰিতোষিক আদায় দিয়া, এজেন্টসকলৰ বাবে বীমা কৰোৱা, চৰকাৰী সুলভ মূল্যৰ দোকানত দৈনন্দিন ব্যৱহৃত আন সামগ্ৰী বিক্ৰীৰ অনুমতি প্ৰদান কৰাকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ ভাৰত সুলভ মূল্যৰ দোকানৰ এজেন্ট সন্থাই । চৰকাৰে এজেন্টসকলৰ দাবী পূৰণ কৰিলে আন্দোলন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিব অন্যথা তীব্ৰ আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰিছে ।

লগতে পঢ়ক: ডিমা হাছাওৰ নিৰ্বাচন : 'আপ’ৰ পাঁচজনীয়া প্ৰথমখন প্ৰার্থী তালিকা প্ৰকাশ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.